বৰ্ণ প্ৰকৰণ কথা মনত ৰাখিব লাগে যে অশােকৰ সময়ত আফগানিস্তান অঞ্চলত “খৰােষ্ট” আখৰ ব্যৱহৃত হৈছিল। কিন্তু সি বাস্তৱিকতে ভাৰতীয় আখৰ নাছিল। খৰােষ্ঠী আখৰ সোঁহাতৰপৰা ওঁহাতলৈ লেখা হয়; কিন্তু ব্রাহ্মী আখৰ প্রায় সর্বদাই বাওঁফালৰপৰা সেঁফাললৈ লেখা হয়। ব্রাহ্মী বা পালি আখৰ পৰীক্ষা কৰি মিঃ টমাচ আৰু জেনেৰেল কনিংহমে অনুমান কৰিছে যে মিচৰবাসীৰ নিচিনা হিন্দুসকলেও আদিতে বস্তুৰ চিত্ৰ আঁকি মনৰ ভাৱ ব্যক্ত কৰিবলৈ চেষ্টা কৰিছিল। তাৰ পাচত সেই বস্তুৰ আংশিক চিত্রকে আখৰ স্বৰূপে ব্যৱহৃত কৰিছিল: যেনে—চৰাইৰ ঠোটৰ চিত্রেদি “চৰাই”, মানুহৰ মূৰৰ চিত্ৰ দ্বাৰা মানুহ” বুজাবৰ চেষ্টা কৰিছিল। পাচে এই নিয়ম তেওঁলােকে তাতে বিস্তৃত কৰি কোনাে এটা বস্তুৰ চিত্ৰক সেই বস্তুৰ বিশেষ গুণ বা স্বভাৱৰ চিন স্বৰূপে ব্যৱহাৰ কৰিছিল ; যেনে, ধূর্ত বুজাবলৈ শিয়ালৰ চিত্র, খং বুজাবলৈ বান্দৰৰ চিত্ৰ, বাটবুলা বুজাবলৈ ভৰি দুখনৰ চিত্ৰ, দেখা বুজাবলৈ চকু এটাৰ চিত্ৰ ইত্যাদি লেখিছিল। | কিন্তু এই উপায় সময়ত যথেষ্ট নােহােৱাত (যেনে-মানুহৰ নাম এটা লেখিবৰ নিমিত্তে চিত্র নােহােৱাত) তেওঁলােকে আন উপায় অবলম্বন কৰিবলৈ বাধ্য হৈছিল। তেওঁলােকে মিচৰবাসীৰ দৰে শেষত বহু চিত্ৰক উচ্চাৰণ দ্বাৰা নির্দেশ কৰিছিল। এইদৰে ভাৰতবৰ্ষত বৰ্ণৰ চিহ্ন সৃষ্ট হ’ল। জোনলে কনিংহমে অশােকৰ শাসনৰ বর্ণমালা বস্তুৰ চিত্ৰৰ লগত তুলনা কৰি তলত লিখা সিদ্ধান্তত উপস্থিত হৈছে। “মােৰ সিদ্ধান্ত এই যে মিচৰ দেশৰ চিত্রাক্ষৰ মিচৰবাসীৰ দ্বাৰা সৃষ্ট হােৱাৰ দৰে ভাৰতীয় বর্ণমালা ভাৰততে সৃষ্ট হৈছিল। মই স্বীকাৰ কৰো ভাৰতীয় বহুবৰ্ণৰ গঢ় একে বন্তু বুজুৱা মিচৰৰ বহু চিত্রাক্ষৰৰ লগত মিলে; কিন্তু উয়ৰ নাম (উচ্চাৰণ) বিলগ, কিয়নো এই দুই ভাষাত সিসৱে বিলগ বিলগ উচ্চাৰণৰ ধাতু (শব্দ) গঠিত কৰে। যেনে-মিচৰবাসীসকলে বাট হাটোতে মেলি দিয়া ঠেঙ্গ এষােৰৰ চিত্রেদি বাটবুলা (বা গতি) বুজাইছিল; ভাৰতবাসীসকলেও তেনেকৈ মেলি দিয়া কোম্পাচ কাটা এটাৰ চিত্ৰদ্বাৰা “গ” আখৰ (স, গমগতিক) বুজাইছিল। কিন্তু মিচৰত এই চিত্রেৰে “স” (s) আখৰ হে নির্দেশ কৰিছিল। মই ১। His Corpus Inscriptionum indiam. [See also Dutta Ancient India) | ২। ১৯২৬ খৃষ্টাব্দত ডিব্ৰুগড় প্রদর্শনীত দি সৰ গােগই প্রাপ্ত পালি আনযুক্ত দুটা ৰূপৰ মুদ্ৰা দেখিছে। তাৰ আখৰতে এই কথা খাটে।
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১২৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই