এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
অসমীয়া আদি পাঠ ।
( ৩ )
পখিলা পখিলা জগত মােহিলা,
কত পালা এনে সাজ,
ইন্দ্রধনু জিনি, ফুলনি শুৱনী,
উৰিছা ফুলৰ মাজ ?
( ৪ )
যি কৰিলে জোন-বেলি আকাশ-অবনী,
তেওঁ দিলে ভাই, মােক সাজ ই শুৱনী ।
( ৫ )
হেৰাঁ ৰঙ্গা ফুল কৰা বিয়াকুল,
সুগন্ধত নৰ-নাৰী ;
কত পালা কোৱাঁ হাঁহি এনেকুৱা
শুৱাই ফুলনি বাৰী ?