পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
অসমীয়া আদি পাঠ ।

দ্বিতীয় ছোৱাক দুপৰীয়া, তৃতীয় ছোৱাক আবেলি, আৰু শেষ ছোৱাক সন্ধ্যা বোলে। বেলি মাৰ যোৱাৰ পৰা বেলি ওলোৱালৈকে যি খিনি সময়, তাক ৰাতি বা নিশা বোলে। দিনত সকলোৱে কৰ্ম্ম কৰে; ৰাতি টোপনি যায়। টোপনিয়ে ভাগৰ গুচায়।

 জোনৰ পোহৰক জোনাক আৰু বেলিৰ পোহৰক ৰদ বোলে। ৰদৰ তাপ চোকা। জোনৰ জোনাক জুৰ; তাত তাপ নাই।

 সদায় জোনৰ আকৃতি একে সমান হৈ নোলায়। ক্ৰমশঃ তাৰ হ্ৰাস আৰু বৃদ্ধি দেখিবলৈ পোৱা যায়। যি নিশা জোনটো সম্পূৰ্ণ হৈ ওলায়, সেই নিশাক পূৰ্ণিমা বোলে; আৰু যি নিশা জোনটো মুঠেই নোলায়, সেই নিশাৰ নাম