এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮
অসমীয়া আদি পাঠ ।
যাব নোৱাৰিলো। কাতি মহীয়া বৰকৈ হিম পৰে। কেনেবাকৈ হিম লাগি মোৰ জ্বৰ হৈছিল; মোৰ স্বৰ ভাগি গৈছিল; মই জ্বৰত বিহ্বল হৈ পৰিছিলোঁ। পাছে, এজন ভাল বেজৰ দ্বাৰা চিকিৎসা কৰোৱাত জ্বৰ আৰোগ্য হল। বেজে ক্কাথৰ লগত দৰব মাৰি খুৱাইছিল। তেওঁৰ দৰবত মোৰ বিশ্বাস। তেওঁ বিদ্বান অথচ নম্ৰ স্বভাৱৰ লোক।
⸻
অগ্নি | অন্ন | যত্ন | স্নেহ |
ৰত্ন | নিম্ন | প্ৰশ্ন | বহ্নি |
⸻
৬ পাঠ ।
অন্নে মানুহৰ জীৱন ৰাখে। জুই নহলে অন্ন সিজাব নোৱাৰি। জুইক