পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৯)


কাথলিক মণ্ডলীৰ শিক্ষা

পিতৰৰ কাম

 আমাৰ প্ৰভু যীচু খ্ৰীষ্টই পাচনিবিলাকক কলে ‘তোমালোকে গৈ সকলো জাতিক শিক্ষা দিয়া। যিবিলাকে তোমালোকৰ কথা শুনিব, সিবিলাকে মোৰ কথা শুনিব”। আৰু যেন সকলোৱে এক সম মত শিক্ষা দিব পাৰিব এই কাৰণে তেওঁৱে এজনক মুৰিয়াল, পিতৰক নামে নিযুক্ত কৰিলে। যীচুৱে মণ্ডলীৰ প্ৰত্যক্ষ ঘাইক স্থাপন কৰি তেওঁক কলে; “তুমি পিতৰ [অৰ্থাৎ শিল] আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলীক স্থাপন কৰিম। আৰু নৰকৰ দুৱাৰবোৰ তাইৰ ওপৰত প্ৰবল নহব। আৰু স্বৰ্গৰ ৰাজ্যৰ চবি তোমাক দিম,” যীচুৱে তেওঁক

আৰু কলে; “মোৰ মেৰপোৱালিবিলাকক চৰোৱা”। “মোৰ মেৰবিলাকক [অৰ্থাৎ পাচনিবিলাকক] চৰোৱা”।