কাথলিক মণ্ডলীৰ ইতিহাস ভসা . ঈশ্বৰে আমাক যি বিশ্বাস কৰিবলৈ দিয়ে, ইয়াৰ বাহিৰে আমি তেওঁৰ অঙ্গীকাৰ বোৰত আশা কৰিবলৈ বাধিত। তেওঁ যি যি কৈছে তাকে কৰিলে আমি তেওঁৰ প্ৰতি মৰম দেখুউল হব। অন্য কথাত কৈ, বিশ্বাস, ভৰস আৰু প্ৰেমেৰে ঈশ্বৰক সেৱা ক আমাৰ আৱশ্যক। পৰমেশ্বৰ অসীম শক্তিমান, দয়ালু আৰু প্ৰতিজ্ঞাপালক; তেওঁক বিশ্বস্তৰূপে সেৱা কৰিলে পৰকালত অনন্ত সুখ আৰু তাক পাবৰ নিমিত্তে লাগতিয়াল কৃপা আৰু প্ৰয়োজনীয় বস্তু ঠিকৰূপে সুধিলে সেই সকলো আমাক দিব, ইয়াক ভৰ কৰা আমাৰ আৱশ্যক। ভৰা আমাৰ জীৱনৰ পোৰ আৰু সম্পদ। • ঈশ্বৰে জানে যে আমাৰ হৃদয় ভাৰু আৰু মন পাতল;; এই হেতুকে তেওঁ নিজত আশা কৰিবলৈ আমাক আদেশ দিয়ে, এই কাৰণে ভগ্নোৎসাহ হোৱা আমাৰ উচিত নয়।
1 পৰমেশ্বৰ সততে দয়ালু। পাপৰ পচত আমি প্ৰকৃত পক্ষে অনু- তাপিত হলে তেওঁ সদায় আমাৰ পাপ বোৰৰ ক্ষমা দিয়ে। আমাৰ শক্তিৰ বাহিৰৰ পৰীক্ষাত পৰিবলৈ তেও আমাক নিদিয়ে। এই দেখি আমি ধৃষ্ট হব নোৱাৰো। আমি যদি ঈশ্বৰৰ অজ্ঞা উপলজ্জা কৰো, পাপৰ সুযোগত যাওঁ, নাইবা মৰাত্মক পাপত থাকে। আৰু মৰণ কালত পৰমেশ্বৰৰ শ্ৰেষ্ঠ দয়াতে আশা কৰে, ই ভৰসাৰ গুণ নহয়; বৰং পৰমেশ্বৰৰ প্ৰথম আজ্ঞাৰ অবধ্যতা। পৰীক্ষাৰ কালত বিশেষকৈ আমি ভৰসাৰ নিবেদন কৰিবলৈ বাধ্য আমাৰ ভক্তি আৰু আশা পৰমেশ্বৰৰ প্ৰতি অন্তৰৰ প্ৰাৰ্থনাৰে দেখুৱাম।