পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮)

যিবিলাকে সমস্ত চিত্তেৰে তেওঁক বিছাৰে অলেখ কৃপা সিবিলাকক ঢালি দিয়ে যে তেওঁবিলাকৰ শান্ত্বনা আৰু বল হব।

 এদিন যীচুৱে এজনী পবিত্ৰ উদাসিনীক দৰ্শণত আত্মাবিলাকৰ পত্নী দেখা দিলে যে তেওঁৰ ওচৰলৈ গৈছে আৰু আটাইবিলাকে তেওঁৰ পবিত্ৰ হৃদয়ত ঠাই পাইছিল, আৰু যীচুৱে ক'লে, “অনন্ত কাললৈ এনে হব” দেখিলে যে যীচুৱে প্ৰত্যেক পত্নীৰ আত্মাত অতি সুন্দৰ সোণৰ চেইনৰে লগ লগালে। ইয়াৰ অৰ্থ এই যে যীচুৰ পিচে পিচে যোৱা ৰাজত্ব কৰা হয়। যীচুৱে তেওঁৰ প্ৰিয়বিলাকক বাছি লৈ তেওঁৰ মৰমৰ গুপ্ত ভাগী কৰিছে।

 বিশ্বাসী আত্মাই যীচুৰ মাত শুনি তেওঁৰ পিচে পিচে যায়। যীচুৱে নিস্কলঙ্ক মেৰ পোৱালী আৰু সতী আত্মবিলাকক বৰ ভাল পায়।

 জগতৰ দৃষ্টিতো সতীত্ব মাননীয়। পূজোতা ৰোম ভেষ্টাল কুমাৰী- বিলাকক মান কৰিছিল আৰু বেলেগ আৰু শ্ৰেষ্ঠ জাত সজাইছিল। তেওঁ-বিলাকে দেবতাৰ আগত পবিত্ৰ জুই ৰাখিছিল। ৰোমীয় ভদ্ৰলোকবিলাক স্বয়ং মহা ৰজা আৰু জেতাবিলাকে বাটতে ভেষ্টালিৰ লগত সাক্ষাৎ কৰিলে আৰু সন্মান স্বৰূপে ৰথৰ পৰা নামিছিল। যদি এজন প্ৰাণদণ্ড পাব লগা মানুহে নিজ ফাঁচিৰ ঠাইত এজনী ভেষ্টলীৰ লগ পোৱা হলে তেওঁ তাক চোৱা মাত্ৰে তাৰ জীৱনৰ কৃপা পালেহেতেন। ই-সম্মান আছিল কাৰণ ৰোমীয়বিলাকে ভাবিছিল যে সতী আত্মাত দেৱতাই বাস কৰে।

 আৰু কাথলিক বিশ্বাসৰ দৃষ্টিতো এই পূণ্যত কেনে সৌন্দৰ্য্য আৰু পবিত্ৰতা জ্বলে! এই পূণ্যই কাথলিক মণ্ডলিতহে নিজৰ উজ্বলতা পায়।

 চলমন ৰজাই কৈছিল “সতীত্বৰ বংশ কেনে সুন্দৰ! তেওঁৰ স্মৰণ অনন্ত; ই-ঈশ্বৰৰ আৰু মানুহৰ হৃদয়ত সদায় উপস্থিত আছে।

 কাথলিক উদাসীনীবিলাকে (চিষ্টাৰবিলাকে) মৰ্য্যদালৈ ঈশ্বৰলৈ নিজৰ প্ৰাণ উচৰ্গা কৰিছে। আৰু তেওঁবিলাকে প্ৰেমৰ সকলো কামতে হাত দিয়ে। নম্ৰ উদাসীনীবিলাকে নানা ঠাইত আৰু নানা ৰকম স্কুলত নিৰাশ্ৰয় অনাথ সন্তানবিলাকৰ লগত আৰু যতে ততে প্ৰেম আৰু দয়াৰ কাম কৰি আছে।