( ১২ )
“মৃতবিলাকে যে পাপৰ পৰা মুক্তি পাব পাৰিব তাৰ নিমিত্তে প্ৰাৰ্থনা কৰিলে সি পবিত্ৰ আৰু ভাল কাৰ্য্য়।”
শোধক অগ্নি
ধৰ্ম্মপুথিত কৈছে যে পৰমেশ্বৰে আটাইলোকৰ নিজ কাৰ্য্যবোৰ অনুসৰি পুৰস্কাৰ বা শাস্তি দিব আমালোকে জানো যে স্বৰ্গত একো অশুদ্ধ নোসোমাব আৰু যে কেইজনমান জুইৰ দ্বাৰা পৰিত্ৰাণ পাব। যি আটাই আত্মা সামান্য পাপত থাকি মৰে বা পাপ ক্ষমা পাই কোনো খন্তেকীয়া শাস্তিৰ দায়ী থাকে সেই আটাই আত্মা শুচ্যাগ্নিলৈ যায় তেতিয়ালৈকে তেওঁ বিলাকে সকলো পাপৰ দাইৰ পৰা পৰশুব্ধ হৈ স্বৰ্গসুখলৈ সোমাব পাৰিব।
চেলচৰ পবিত্ৰ ফানচিচ
ফানচিচ ১৫৬৭খৃষ্টাব্দত আনেচিৰ ওচৰত জন্ম হৈছিল। তেওঁৰ পিতা মাতা সন্ত্ৰান্ত আৰু ধৰ্ম্ম পৰায়ন আছিল। তেওঁ পাৰিচ আৰু পাদুৱাত বিশেষ কৃতিৰে অধ্যয়ন কৰে। তেওঁৰ পিতাকে তেওঁৰ কাৰণে চৰকাৰী কামত ডাঙ্গৰ জীৱন পথ নিৰ্দ্ধাৰিত কৰি ৰাখিছিল। ইটালীৰ পৰা ঘুৰি আহি ফানচিচে সেই পথ পৰিত্যাগ কৰি পুৰোহিত হল। যেতিয়া চেয়ৰ ৰজা চাবেইেয়ে অঞ্চলত কাথলিক মণ্ডলী পুনৰ স্থাপন কৰিবৰ সঙ্কল্প কৰে আৰু নিজৰ বাইবেল আৰু প্ৰাৰ্থনা পুথি লৈ নিজৰ খুড়াৰ পুতেক চেলচৰ