পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৫ )

প্ৰথম অধ্যায়।

মণ্ডলীৰ ইতিহাস

যীচু খ্ৰীষ্টই মণ্ডলী স্থাপিত কৰিছিল।

 আমাৰ পবিত্ৰ মণ্ডলী ঈশ্বৰৰ পুত্ৰ যীচু খ্ৰীষ্টৰ দ্বাৰা স্থাপিত কৰা হৈছিল। তেওঁ এই সংসাৰলৈ অহা এতিয়া প্ৰায় ২,০০ হেজাৰ বছৰ হৈ গল আৰু আমাৰ নিচিনাকৈ মানুহৰ দৰে ৩৩ বছৰলৈকে জগতত বাস কৰিছিল। তেওঁ আমাক স্বৰ্গৰ বাট দেখুৱাবলৈ আৰু স্বৰ্গৰ দুৱাৰ আমাৰ নিমিত্তে মুকলি কৰিবলৈ আহিছিল।

 যীচু খ্ৰীষ্টৰ পিতা ঈশ্বৰ সৰ্ব্বশক্তিমান, আৰু তেওঁৰ মাতৃ কুমাৰী মাৰিয়া আছিল যাৰ গৰ্ভত তেওঁ শৰীৰ আৰু আত্মাৰে সৈতে আমাৰ নিচিনা জন্ম ধাৰণ কৰিছিল। সন্ত যোচেফ তেওঁৰ পিতা নাছিল কিন্তু তেওঁৰ প্ৰতিপালকহে আছিল আৰু তেওঁ তেওঁক তালাপি কৰিছিল আৰু খুৱাইছিল। তেওঁ বৈত্‌লাহেমত জন্ম ধাৰণ কৰিছিল। যদিও তেওঁ ঈশ্বৰ