পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৬)


 প্ৰভুৰ পুনরুত্থানৰ দিন বছৰৰ ভিতৰত মহৎ আৰু অতি সুখৰ দিন। ই সৰ্ব্বশ্ৰেষ্ঠ দিন কিয়নো আমি জানোঁ যে আমি মুক্তি পাইছোঁ। ই অতি সুখৰ দিন কিয়নো আমিও যীচু খ্ৰীষ্টৰ লগত পুনৰ উত্থিত হৈ স্বৰ্গৰ অমিয়া পাম গৈ।

 যীচুৱে কৈছিল “যদি মই পৃথিবীৰ পৰা উত্থান কৰিব পাৰাে, লগতে মই সকলোকে মোৰ ওচৰলৈ টানি নিম” (যোন ১২-৩২) সচাঁকৈয়ে অতি নিষ্ঠুৰ যাতনাৰ মাজত যীচুক ক্ৰুচৰ ওপৰলৈ তোলা হ'ল। আৰু অপূৰ্ব্ব মহিমাৰে তেওঁক স্বৰ্গলৈ নিয়া হল......।

 সেই দিন ধৰি তেওঁ সকলোকে তেওঁৰ ওচৰলৈ নিবলৈ আৰম্ভ কৰিছে। পৃথিবীৰ অতি উত্তম আৰু আধা তেওঁৰ ওচৰলৈ নিছে। আমি নিশ্চিত যে এদিন গোটেই জগতকে যীচুৰ ক্ৰুচৰ ওপৰলৈ তুলিব—কিয়নো তাত, আৰু কেৱল তাতেই হে আচল মুক্তি আছে।

দকাইতৰ পৰা সন্তলৈ

 ৰুফুচ সচাকৈয়ে এটা বৰ ডাঙ্গৰ দকাইত
অছিল। তাৰ কুখ্যাতি গোটেই দেশতে ব্যাপি
পৰিছিল। তাৰ নাম সকলোৰ নিমিত্তে
বিশেষ কৈ লৰাছোৱালী বিলাকৰ প্ৰতি
বৰ ভয়ৰ কাৰণ হৈছিল। সি বহুত লৰা
ছোৱালী বধ কৰিছিল। সি থকা নৈৰ দাঁতিৰ

হাবিৰ গহ্বৰটো মানুহৰ লাও খোলাৰে ভৰি আছিল। সেই হাবিৰ মাজেদি কোনেও হত্যাকাৰী ৰফুচৰ হাতত নপৰাকৈ সাৰি যাব নোৱাৰিছিল।

 কিন্তু এদিন এটা বৰ আচৰিত ঘটনা ঘটিল৷ যতিয়া ৰুফুচে কোনো মানুহ আহিলে মাৰিবৰ কাৰণে নৈৰ দাতিত ফুৰি ফুৰিছিল তেতিয়া হঠাৎ তাৰ চকু এটি অকনমানী লৰাৰ ওপৰত পৰিল। লৰাটি-এনে সুন্দৰ