পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ৪ )


 কিন্তু যদিও আমাৰ শৰীৰৰ পতন হব আমাৰ আত্মা চিৰদিন থাকিব কিয়নো ই ঐশ্ব্যৰিক আৰু পৰমেশ্বৰৰ দ্বাৰা অমৰ ভাবে সৃষ্ট। মৃত্যুৰ পাচত আত্মাৰ কি হব? কোনো কোনোৱে কয় যে ই আকৌ মানুহ বা পশু আকাৰে জন্ম লব। কিন্তু আমাৰ প্ৰভু যীচু খ্ৰীষ্টই কয় যে আমাৰ আত্মা এই সংসাৰৰ কাৰ্য্যানুযায়ী পুৰস্কাৰ বা শাস্তি লবৰ কাৰণে ঈশ্বৰৰ ওচৰত উপস্থিত হব। পুৰষ্কাৰ হৈছে এই যে আমি স্বগত ঈশ্বৰক মুখা মুখিকৈ দেখিবলৈ পাম আৰু চিৰকালৰ নিমিত্তে স্বৰগৰ অমযা সুখ পাই আনন্দৰে উপভোগ কৰিম। তাত দুঃখ, শোক, জৰা মৃত্যু একো নাই। পানীত মাছ ডুবি থকাৰ দৰে আমিও প্ৰকৃত সুখ সাগৰত মাজ থাকিম।

 কিন্তু দুষ্ট বিলাকৰ গতি কি হব? সিহতঁক নৰকৰ অগ্নি সমুদ্ৰত পেলোৱা হব আৰু চিৰকাল পিশাচৰ যাতনাত দুঃখ ভোগ কৰিব। তাত তাৰ আৰু আনন্দ, শান্তি আৰু শেষ নহব। সিহতঁক নৰকৰ চিৰকাল নুনুমুউৱা জুইযে দাহ কৰিব তথাপি সিহতঁৰ মৃত্যু নহব, কিন্তু চিৰদিন জী থাকিযেই ভয়ানক যন্ত্ৰনা ভোগ কাৰযেই থাকি।

 হে মোৰ মৰমৰ বন্ধু সকল, মই আকৌ এবাৰ তোমালোকক প্ৰভু যীচুৰ কথালৈ কাণ দিবলৈ অনুৰোধ কৰোঁ তেৱেই প্ৰকৃত পথ, সত্য আৰু অনন্ত জীবন।

 তেওঁ কৈছিল—“যি জনে মোত বিশ্বাস স্থাপন কৰিব তেওঁ মৰিও অমৰ হব” (জ’ন ১১-২৫)। সেই কাৰণে আজি আহা মোৰ বন্ধু সকল, আহাঁ আমাৰ প্ৰভু যীচু খ্ৰীষ্টত ঈশ্বৰৰ প্ৰকৃত আৰু একমাত্ৰ পুত্ৰত বিশ্বাস কৰো! আমি মৰিও অমৰ হম, চিৰজীবী হম!

“অসমীয়াৰ বন্ধু