বন্ধুৰ বাণী।
মৰমৰ বন্ধু সকল,
মোৰ শেষ পত্ৰত মই তোমালোকক কৈছিলো যে এই সংসাৰত আমি প্ৰকৃত আৰু চিৰস্থাযী সুখ পাব নোৱাৰো। এই মৰ্ত্ত্যত সকলো বস্তুৱেই আমাৰ এই বৃহৎ নদ বহ্মপুত্ৰৰ পানী নিচিনাকৈ হব লাগিছে। এই পানী সমুদ্ৰ নেপোবালৈকে অবিৰাম গতিৰে যাব লাগিছে, আৰু শেষত সমুদ্ৰত অনন্ত জিৰণি লৈছে। আমিও সেই দৰে যাব লাগিছোঁ কত বছৰৰ আগয়ে আমি এই সংসাৰত নাছিলোঁ। এদিন ঈশ্বৰৰ দ্বাৰা সৃষ্ট হৈ সৰু কেছুৱাৰ পৰা এই জীৱন আৰম্ভ কৰিছোঁ। তাৰ পাচত ক্ৰমান্নয়ে বাঢ়ি মুনিহ, তিৰোতা হৈছোহি হঁক। কিন্তু আমি সদায় একে বয়সতে নাথাকোঁ। ক্ৰমে ক্ৰমে বুঢ়া হৈ শেষত মৰিম গৈ।
যেতিয়া আমাৰ পুৰ্ব্ব পুৰুষ আদামে আদি পাপ কৰিলে, ঈশ্বৰে ক’লে “ধুলিৰে নিৰ্ম্মিত তই, আৰু ধুলিতে মিলিব তোৰ দেহা”। সঁচাকৈয়ে, হে মোৰ প্ৰিয় বন্ধু সকল, আমি আজিয়েই বা কেইদিন মানৰ পাচত মৰিম, তেতিয়া আমাৰ শৰীৰৰ কি হব? ইয়াক পুৰি ছাই কৰা হব নাইবা মাটিৰ তলত পোতা হব আৰু কীট পতঙ্গৰ ভক্ষ্য হব।