মূৰ্খ যে নিজৰ অমৰ আত্মাৰ বিষয়ে চিন্তা কৰিবলৈ পাহৰি যাওঁ আৰু কেৱল আমাৰ শৰীৰৰ নিমিত্তে ইমান বেচি চিন্তা কৰি থাকোঁ? ঈশ্বৰৰ পুত্ৰই আমাৰ আত্মাৰ ৰক্ষাৰ নিমিত্তে আমাৰ নিচিনা মানুহ হল আৰু ক্ৰুচত নিজৰ সকলো তেজ উলিয়ালে।
আমাৰ কি লাভ যদি আমি এই সংসাৰত সকলোতকৈ বেচি ধনী হওঁ যদি আমি নিজৰ আত্মাক নৰকত পৰি হেৰুৱাই দিওঁ?
তুমি যীচু খ্ৰীষ্টৰ এই দৃষ্টান্ত শুনাঃ- এজন ধনী মানুহৰ পথাৰত বহুত শস্য উপজিলে আৰু সি আপোন মনত ভাবিবলৈ ধৰিলে “মই এই সকলোবোৰ কি কৰিম কাৰণ এই সকল ফলকে জমা কৰি ৰাখিবলৈ ঠাই নাই।” আৰু সি আপোন মনত কলে “মই এই ৰূপ কৰিম যে পুৰনী ভড়াল ভাঙ্গি পেলাই আকৌ নতুন ডাঙ্গৰ ভড়াল তৈয়াৰ কৰিম আৰু তাত মই সকল ফল আৰু আমাৰ সকল সম্পত্তি থম আৰু মই আপোন মনক কম, “হে মোৰ মন তোমাৰ নিমিত্তে বহুত বছৰৰ নিমিত্তে ধন সঞ্চয় কৰা হৈছে এতিয়া তুমি বিশ্ৰাম কৰি খোৱা, পান কৰা আৰু আনন্দ কৰি থাকা”
কিন্তু ঈশ্বৰে তেওঁক কলে “হে মূৰ্খ তোমাৰ আত্মাক আজি নিয়া হব তেতিয়া সেই ধনবোৰ কাৰ হব?” “মই মৰিম! মই মৰিম!” এজন সাধুৱে চয়তানক উত্তৰ দিছিল যেতিয়া সি তেওঁক পৰীক্ষা কৰিছিল আৰু তেওঁক এই জগতৰ সকল ধন সম্পত্তি আৰু তাৰ সকলো সুখ অভিলাষ দিম বুলি কৈছিল।
হে মোৰ প্ৰিয় বন্ধুবিলাক, আহা আমিও সেই দৰে উত্তৰ দিওঁঃ “আমি মৰি যাম।” আমাৰ মৰণ কালত এই সংসাৰৰ অসাৰতা বুজিবলৈ পাম কিন্তু আমি কেনেকুৱা আনন্দ পাম যদি আমি যীচু খ্ৰীষ্টৰ সত্য শিষ্য হৈ তেওঁৰ আজ্ঞা পালন কৰিছিলোঁ। যীচুৱে কৈছেঃ “ময়েই পথ, সত্য আৰু জীৱন”।
আহা আমি তেওঁৰ অনুকৰণ কৰোঁ আৰু তেওঁক বিশ্বাস কৰোঁ তেনেহলে আমি তেওঁৰ লগত ঈশ্বৰৰ ৰাজ্যত স্বৰ্গত বাস কৰিবলৈ পাম।