পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১৭ )

হৈছিল তথাপি সকলোৱে তেওঁৰ সম্মানাৰ্থে কৰা শোভা-যাত্ৰাত যোগদান কৰিবৰ ইচ্ছা কৰিছিল। ই জ’ন বস্কৰ বিজয় উৎসৱ হৈছিল। ৰোম আৰু টুৰিণ নগৰৰ নিচিনাকৈ সকলে নগৰ-চহৰে এই ঐশ্বৰিক পুৰুষৰ প্ৰশংসা গাবলৈ আৰম্ভ কৰিলে।

তুৰিন নগৰত জোহন বস্কৰ মাহাত্ম্য।

 আমাৰ প্ৰকৃতি সুন্দৰ ভূমি আসামেও জন বস্কক পাহৰিব নোৱাৰিলে। চিলঙত যোৱা নৱেম্বৰ মাহত ১০০০০ মানুহে তেওঁৰ সম্মানাৰ্থে পতা উৎসৱত যোগদান কৰিছিল। নতুন জ’ন বস্ক স্কোয়াৰত এক মুকলি মুৰ্ত্তি সজা হ’ল। আসামৰ গবৰ্ণৰ বাহাদুৰে এই আচৰ্য্য পুৰুষৰ জীৱণৰ বিষয়ে এক সুন্দৰ বক্তৃতা দিয়ে।

 কিন্তু জ’নবস্কৰৰ আচল মহাত্ম্য আৰু সত্য কীত্তি দেখিবলৈ পাবা- তেওঁ পতা স্কুল, মাউৰা আশ্ৰম, হস্পিতাল আৰু মিচন বোৰত, যিবিলাকে এই আসামতো দুখীয়াৰ মঙ্গলৰ কাৰণে আৰু যুৱক সকলৰ শিক্ষাৰ কাৰণে সদায় যত্ন কৰে।

 তেন্তে আহাঁ আমিও এই মহৎ সাধু পুৰুষৰ সম্মান দেখুৱাওঁ আৰু তেওঁৰ চৰণত ফুল চতিয়াও।

⸻⸻⸻

PERMISSU SUPERIORUM
PRINTED AT THE CATHOLIC ORPHAN PRESS, CALCUTTA.
EDITED BY REV. FR. A. ALESSI, s.c., CATHOLIC MISSION TEZPOR. (Assam.)