পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৫ )
চিলাই কাম,—গুৱাহাটী

লোকৰ নিজৰ যেন দেখে, কাৰণ এই দেশৰ লোক সক লক তেওঁলোকে ভাতৃ যেন স্নেহ কৰে। তেওঁলোকে অসমীয়া মানুহ বোৰক, শক্তিমন্ত, স্বাস্থ্যবান্‌, শিক্ষিত আৰু উন্নত হোৱাত স-হায় কৰিবলৈ বিচাৰে যাতে সোণকালে আসাম, ভাৰতবৰ্ষৰ ভিতৰত আটাতকৈ সাৰুৱা, উন্নতিশীল আৰু ব্যবসায়ী দেশ হব পাৰে।

 চেলিচিয়ান ফাদাৰ সকলৰ কৃষ্ণগৰতো এখন শিল্প স্কুল আছে আৰু এখন কৃষিবিষয়ক স্কুল চাহাৰানপুৰত ( যুক্ত প্ৰদেশ) আছে। কলিকতাৰ ওচৰত লিলোৰাহ চহৰত অতি সোণকালে এখন বৰ ডাঙ্গৰ শিল্প-স্কুল খোলা হব।

ডিবৰূগড়, —কাথলিক মিচনৰ গিৰ্জা ঘৰ