জোহন বস্কৰ নামে হাইস্কুল —বোম্বাই।
“এজন মানুহে যদি গোটেই পৃথিবীকে লাভ কৰে কিন্তু আপোন আত্মাকে হেৰুৱাই, তেন্তে তাৰ পৰা কি লাভ? এজন মানুহক তেওৰ আত্মাৰ সলনি কিহে দিব পাৰে?”
তেওঁ সেই কাৰণে তেওঁৰ লৰাবিলাকক প্ৰায়েই কৈছিল “মোক তোমালোকৰ আত্মা ৰক্ষা কৰিবৰ কাৰণে সহায় কৰা। যেতিয়া তেও মাত্ৰ কেইবছৰ মানৰ ল’ৰা আছিল তেতিয়াই জীৱমুক্তিৰ প্ৰৱল আকাঙ্ক্ষাই তেওৰ হৃদয়ত ঠাইত পাইছিল। আই মাৰ্গাৰেটে ক’লে “সোণাই জন সেই ল’ৰাবোৰৰ লগত নাযাবাঁ, সিহঁত বৰ দুস্ট, সিহঁতে তোমাৰ অনিষ্ট কৰিব”। “আই, মোক সিহঁতৰ লগত যাব দিয়ক। মই যেতিয়া সিহতৰ লগত থাকো, সিহত বৰ ভাল, আৰু সুব্যৱহাৰ কৰে”।
অকণমান জ’ন গিৰ্জ্জালৈ যায়। ৰবিবাৰ; কিন্তু তেওঁ বৰ আচৰিত হ’ল যে তথাপি গিৰ্জ্জ লোকশূণ্য। এক চুটি প্ৰাৰ্থনা কৰি গিৰ্জ্জাত যিমান পাৰে সিমান মানুহ গোটাবলৈ অকণি জ’ন বাহিৰ হ’ল; কিন্তু গিৰ্জ্জাৰ ওচৰতো কোনো মানুহ নাই। অলপ দুৰতে এক বাদ্য শুনা গ’ল। জ’ন বস্কই বুজিব পাৰিলে আৰু অলপ ল’ৰি গৈ এক বহুল জনতা গোট খোৱা ঠাইত উপস্থিত হৈ খেলোৱাৰীৰ খেলা চাই থকা মানুহ বোৰক দেখা পালে। খেলোবাৰীটোৱে তাৰ খেল দেখুৱাই মানুহবোৰক দেওবাৰৰ পবিত্ৰ সভাত যোগ দিয়াৰ পৰা আতৰাই ৰাখিছে। অকণি জ’নে খেলোৱাৰীৰ ওচৰ চাপি ডাঙ্গৰকৈ কলে “মই এটা কথালৈ তোৰে সৈতে যোৰ মাৰিব খোজো।”•••খেলোৱাৰীব আৰু লগতে গোটখোৱা