পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৯ )


আত্মাবিলাকৰ ৰক্ষাত দন বস্কৰ উৎসাহ

যীচুৰ নিচিনা জোহন বস্কই কয় “শিশুবিলাকক মোৰ ওচৰলৈ আহিব দিয়া।

 পৃথিবীত সকলো সময়তে অনেক মহা পুৰুষৰ আবিৰ্ভাব হৈ আহিছে আৰু হবও; কিন্তু সেই সকলৰ মহত্ব সম্পূৰ্ণ যেতিয়া সিবিলাকে সিবিলাকৰ নিমিত্তে মহৎ সুখ্যাতি অৰ্জ্জন কৰে — যি সুখ্যাতি পৃথিবীৰ শেষ মুহূৰ্ত্ত পৰ্য্যন্ত জ্বলি থাকিব। এই শিৰৰ মুকুট ৰূপ সুখ্যাতি জগতত সকলোৰে আদৰণীয় আৰু জাতিৰ অথবা কেই জন মান নিযুক্ত কৰা মানুহৰো গৌৰব।

 কিন্তু জন বস্কৰ কাৰণে এনে নহয়; তেওঁৰ অসীম উদাৰ হৃদয়ে সকলো মানুহকে, সকলো জাতিকে, সকলো অবস্থাৰে সাৱটি ধৰিছিল। তেওঁ তেওঁৰ একান্ত অনুৰাগী পুত্ৰ সকলৰ দ্বাৰা ইমেৰুৰ পৰা সিমেৰুলৈ সকলোৰ কাৰণে কৰিছিল আৰু কৰিবও; তেও সকলোকে জীৱ জ্ঞান কৰি সেই সকলোকে ৰক্ষা কৰিব লাগিব যেন বিবেচনা কৰিছিল, কিয়নো এই অকথণীয় সাহৰ প্ৰাণী সকলো স্বয়ং ঈশ্বৰৰ কাৰণে স্ৰজিত আৰু এই সকলো স্বৰ্গীয় মহাত্ম্যৰ ভাগী হব। তেওৰ জীৱমুক্তিৰ প্ৰৱল আকাঙ্খাক একোৱে বাধা দিব নোৱাৰিছিল। ইয়াক তেও মূলমন্ত্ৰ কৰি লৈছিল, “মোক আত্মা বোৰ দিয়ক আৰু ইবোৰ যাবলৈ দিয়ক”। ইয়াৰ কাৰণেই তেওঁ তেওঁৰ সমস্ত জীৱন কটাইছিল। তেওঁ ত্ৰাণকৰ্ত্তাৰ এই কথা ভালকৈ বুজিছিল;