পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৭ )


জোন বস্কৰ কামৰ বৃদ্ধি।

আগৰ চালি ঘৰ এতিয়া সৰু নগৰৰ নিচিনা হৈ উঠিছে।

 পুৰোহিত হোৱা মাত্ৰে জোন বস্কই লৰাবিলাকক শিক্ষা দিবৰ মনেৰে তেওঁলোকক গোটাবলৈ ধৰিলে। সেইকাম ১৩৪১ চনৰ ডিচেম্বৰ মাহৰ ৮ তাৰিখে আৰম্ভ কৰা হল। তেৱেঁই এজন অত্যাচাৰ পোৱা ল’ৰাক ৰক্ষা কৰিলে। তেওঁক কিবা শিক্ষা আৰু ভাল উশদেশ সুপৰামশ দিয়াৰ পাচত পাচৰ দেওবাৰত আন আন অনেক ল’ৰাৰে সৈতে আহিবলৈ কৈ নিমন্ত্ৰণ কৰিলে। সেই দিনাৰ পৰাই ডন বস্কৰ কাম আৰম্ভ হ’ল। সকলো সুকাৰ্য্যৰ আৰম্ভনিৰ নিচিনাকৈ ডন বস্কৰ কামৰ আৰম্ভনি কষ্টকৰ আৰু মস্কিল আছিল; কিন্তু লাহে লাহে ডন বস্কই নিজৰ মউৰা ল’ৰাবিলাকৰ নিমিত্তে এখন অটল ঘৰ পালে; সি সৰু আছিল যদিও ক্ৰমে ক্ৰমে বৃদ্ধি আৰু ত্ৰুমোন্নতি হ’ল, সিমানলৈ যে তাতে হেজাৰ মান ল’ৰাই আশ্ৰয় পাব পাৰিছিল! তাৰ পাচত শিল্পবিদ্যা, আৰু খেতি সমন্ধীয় স্কুল স্থাপন কৰা হ’ল। স্কুলৰ প্ৰথম শিক্ষক নিজে ডন বস্কই আছিল। তেওঁ স্কুলত পঢ়া উপৰুৱা সময়ত কেইটামান শিল্প কাম শিকিবলৈ পাইছিল। বাঢ়ৈৰ কাম, দৰ্জ্জিৰ কাম, ইত্যাদি জানিছিল। এই সকলো কাম এতিয়া কামত লাগি উপকাৰত আহিল। সেই শিল্প স্কুল সোণ কালে সেই ৰকমৰ স্কুলৰ ভিতৰত অতি উত্তম হ’লহি। কিন্তু ডন বস্কই ভবিষ্যতৰ কথা বুজ পাই, দৃঢ়ৰূপে কাম স্থাপন কৰিবলৈ খুজিছিল। সেই দেখি এই ভাল কাম যেন সদায় একেদৰে চলি থাকে তাৰ নিমিত্তে ডন বস্কই এটা সৎসঙ্গ স্থাপন