হৈ সেই তিৰোতা গৰাকীৰ ওচৰ চাপিলোঁ। তেওঁ বৰ মৰমেৰে মোক হাতত ধৰি ক’লে “ চোৱা”।
লৰাবোৰ থকা ঠাই ডোখৰলৈ চাই মই দেখিবলৈ পালোঁ যে সিহঁতৰ ঠাইত কিছুমান ছাগলি, কুকুৰ, মেকুৰী, গাহৰি আৰু আন আন জন্তু মাথোন আছে।
তিৰোতা গৰাকীয়ে ক’লে “দেখা ই তোমাৰ কৰ্ম্মক্ষেত্ৰ। নম্ৰ, শক্তিবান আৰু ধৰ্ম্মপৰায়ন হবলৈ চেষ্টা কৰাঁ আৰু তুমি এই জন্তুবোৰৰ কি অৱস্থা ঘটিছে দেখিছা, সিহঁতক তুমি ল’ৰাৰ জীৱন দান দিব লাগিব”।
মই আকৌ এবাৰ সেই খেলমাটিৰ ফালে চালো; এইবাৰ ওপৰত কোৱা জন্তুবোৰৰ ঠাইত শান্ত ভেৰা ছাগলি কিছুমান দেখিলোঁ, সিহঁতে দেও দি নাচি নাচি ঘাঁহৰ ওপৰত জপিয়াই আনন্দেৰে বেবাই ফুৰিছিল যেন সিহতে মোক উপদেশ দি থকা মানুহ জন আৰু তিৰোতা গৰাকীৰ প্ৰতি সম্মানহে দেখুৱাইছিল।
তেতিয়াও শুয়েই মই ভাবিছিলোঁ যে সপোনত মই কান্দিবলৈ ধৰি সেই তিৰোতা গৰাকীক দয়া কৰি মই তেতিয়াও একো ৰহস্য নোপোৱা কথাবোৰ ভালকৈ ভাঙ্গি কবলৈ কলোঁ যাতে সেই ঘটনাবোৰৰ অৰ্থ মই বুজিব পাৰোঁ।
তেওঁ তেতিয়া উত্তৰত মোৰ মূৰত হাত ফুৰাই ক’লে “ যেতিয়া ইয়াৰ ঠিক সময় আহিব তেতিয়া তুমি সকলো কথা বুজিব পাৰিবা”।
তেতিয়া কিবা শব্দ হোৱাত মই সাৰ পালোঁ আৰু সকলো কথা “সপোনত আলসত চাং পতাৰ নিচিনাকৈ নাইকিয়া হল”।
—এশ বছৰৰ পাচত আজি সেই সপোনটো সচাকৈয়ে সম্পূৰ্ণে আখৰে আখৰে আৰু অখণ্ডনীয় হৈ ফলিয়াইছে।
⸺
ডন বস্কৰ উক্তি
সন্তোষেৰে প্ৰভুৰ সেৱা কৰিবাঁ
তোমাক ভয় কৰিব লাগে যদি মৰমৰ পাত্ৰ হবলৈ ইচ্ছা কৰাঁ।
স্বৰ্গৰাজ্যৰ এডোখৰে তোমালোকৰ সকলো দুখ শোক ঠিক কৰিব।