সন্ত যোহন বস্কই গৰু চৰায়।
অকস্মাত সেই ঠাইত এজন শান্ত মূৰ্ত্তিৰ মানুহ আবিৰ্ভাব হ’ল মানুহ জনে আচৰিত ৰকমে পোছাক-পৰিচ্ছদ পিন্ধিছিল আৰু ডেকা বয়সৰ বুলি অনুমান হৈছিল। তেও জ’নক নাম কাঢ়ি মাতি ক'লে “নহয়, কিল, ভুকুৰ দ্বাৰা নহয়; তুমি তোমাৰ এই বন্ধুবোৰৰ হৃদয় নম্ৰতাৰে, দয়াৰে জয় কৰিব লাগিব। সেই কাৰণে সিহঁতক পাপৰ নীচতা আৰু ধৰ্ম্মৰ পবিত্ৰতা দেখুৱাই দিয়া”।
জ’ন বৰ আচৰিত হল আৰু তেও কি কৰিছে নকৰিছে একো কব নোৱাৰা হৈ এনে অসম্ভৱ কাম কৰিবলৈ কোৱা তেও কোন সুধিলে।
মানুহ আকৃতি ঈশ্বৰ যীচুৱে (কিয়নো এওঁ আন কোন নহয়) জ’নক ক’লে যে ই সম্ভৱ হব যদি তেও আদেশ পালি চলিবলৈ আৰু লাগতিয়াল জ্ঞান আৰ্জ্জিবলৈ শিকে।
জ’ন বস্কৱে তেওঁৰ জীৱনীত লিখি থৈ গৈছে⸺ তেতিয়া এজনা গহীন আকুতি তিৰোতাৰ আবিৰ্ভাব হ’ল। তেওঁ গাত এখন আবৰণ পিন্ধিছিল আৰু ই প্ৰত্যেক মূহুৰ্ত্ততে তিৰ বিৰাই আছিল যেন ইয়াক অতি উজ্জ্বল চিক্মিকিয়া তৰাৰ দ্বাৰাহে গোঠা হৈছিল। মই প্ৰশ্ন কৰি আৰু তাৰ উত্তৰ পাই থাকোঁত থাকোঁতে ভুলহৈ গলো আৰু একো কব নোৱাৰো