পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/২১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৭ )

তেতিয়া দুৱাৰ খনৰ ওচৰত বহি প্ৰাৰ্থনা কৰিছিল। কিছুমান বছৰৰ পাচতে মাৰীয়া বৰ টান বেমাৰত পৰিছিল, তাৰ পৰা সুস্থ হল কিন্তু তেওঁৰ গা ইমান দুৰ্ব্বল হৈছিল যে তেওঁৰ নিমিত্তে খেতিৰ কাম অসম্ভৱ হৈছিল তেতিয়া এজনী বন্ধুৰ লগত দৰ্জ্জীৰ কাম শিকিবলৈ গল আৰু তাক ভালকৈ জানি নিজৰ গাৱৰ ছোৱালীবিলাকৰ নিমিত্তে এটা স্কুল মেলিলে। এনেকৈ মাৰীয়া মাজ্জাৰেল্লে ছোৱালীবিলাকৰ মাজত কাম কৰিবলৈ আৰম্ভ কৰিলে।

 ১৮৭২ চনত সন্ত জন বস্ক চিষ্টাৰ বিলাকৰ সঙ্গ স্থাপন কৰিবলৈ ইচ্ছা কৰিছিল। তেওঁৰ বচা মাৰীয়া মাজ্জাৰেল্লৰ ওপৰত পৰিছিল, এনে ১৮৭২ চনত আগষ্ট মাহত ৬ তাৰিখে তেওঁ আৰু আন ১৪ জনী ছোৱালীয়ে চিষ্টাৰৰ সাজ পিন্ধিছিল। এনে ডাঙ্গৰ দান পাইছোঁ বুলি ভাবি মাৰীয়া মাজ্জাৰেল্লৰ হৃদযত সন্তোষ আৰু কৃতজ্ঞতাৰ পৰিপূৰ্ণ হৈছিল আৰু সেই দিনাৰে পৰা নিজৰ জীবন ঈশ্বৰৰ মহা মহিমা আৰু আত্মাবিলাকৰ পৰিত্ৰাণৰ কাৰণে কটাবলৈ আৰম্ভ কৰিছিল। সেই দিনাৰে পৰা তেওঁ সন্ত জন বস্কৰ খোজত যাওঁতে নিজৰ আত্মা আৰু আন চিস্টাৰবিলাকৰ আত্মা পবিত্ৰ কৰিবলৈ চেষ্টা কৰিছিল। সেই কামও তেওঁৰ সফল হল আৰু আমি আশা কৰোঁ যে ততালিকে তেওঁ সাধু পপৰ পৰা ধন্যা ঘোষণা কৰা যাব। ১৮৮১ খৃঃ মেই মাহত ১৪ তাৰিখে তেওঁৰ মৃত্যু হল।

 

এজন খ্ৰীষ্টীয়ানে কিজনা উচিত।

 ভাৰতবৰ্ষত ব্যবহাৰ কৰিব লগীয়া কপাহ কাপোৰেই অতি উত্তম। কাৰণ সেই বিলাক বেচ শীতল ও ধূবলৈ অতি উজু। সকলোতকৈ বগা কাপোৰেই উত্তম কাৰণ বগায় সূৰ্য্যৰ তাপ আকৰ্ষন কৰিব নোৱাৰে। যেনে কলা কাপোৰে কৰে। তুমি সদায় চাফ চিকুন কাপোৰ পিন্ধিবা ও মাজে সময় গাধূবা যাতে তোমাৰ গাৰ ছাল পৰিষ্কাৰে থাকে।

 ৰাতিৰ সময়ত তোমাৰ বুকু সদায় কাপোৰেৰে ঢাকি ৰাখিবা যদি নাৰাখা তেন্তে ঠাণ্ডা লাগি নিমুনিয়া, ডায়েৰিয়া ইত্যাদি বেমাৰ হব পাৰে।