বোলা যায়, যেনে: বাপ্তিস্মাৰ দ্ৰব্য পানী। বাক্যঃ যি কথা চাক্ৰামেন্ট দিবৰ সময়ত কোৱা যায়, ইয়াৰ নাম বাক্য। যি আধ্যাত্মিক কৃপা চাক্ৰামেণ্টৰ দ্বাৰা পোৱা হয় তাৰ নাম ভিতৰুৱা কৃপা। চাক্ৰামেন্ট বোৰ কৃপাৰ চিন বোৰ নহয় কিন্তু সিবিলাক ফলদায়ক কিয়নো সিবিলাকৰ দ্বাৰা কৃপা পোৱা যায়। অলপ পানী শিশুৰ মূৰত ঢালি তাৰ আত্মা আদি পাপৰ পৰা নিকা কৰা হয়। পাদ্ৰিয়ে পাপস্বীকাৰ শুনি কিছু কথা কয়, আৰু দেখা, পাপৰ শিকলি চিঙ্গিহে সেই আত্মা ভূটৰ দাস বন্দী আৰু নহয়। তাই আৰু এবাৰ স্বাধীন আৰু মুক্ত হৈ ঈশ্বৰৰ সুখী সন্তান৷
ঈশ্বৰেহে বাহিৰ চিনক কৃপা দিয়াৰ ক্ষমতা দিব পাৰে। এই দেখি প্ৰত্যেক চাক্ৰামেট যীচু খ্ৰীষ্টৰ দ্বাৰা স্থাপিত হব লগীয়া। সিবিলাক যীচু খ্ৰীষ্টৰ দ্বাৰা স্থাপিত তেনেহলে সিবিলাকৰ ফলৰ বিষয় কোনো সন্দেহ নাই। বেলিয়ে যেনেকৈ পৃথিবী খনক পোহৰ জীৱন, জহ, বৰণক দিছে। তেনেকৈ চাক্ৰামেন্ট বিলাক উপযুক্ত ৰূপে গ্ৰহণ কৰা হলে, সুস্থতা আৰু আধ্যাত্মিক সৌন্দৰ্য্য দিছে। হস্তান্তৰ কেতবিলাক আৱশ্যক, কিন্তু সিবিলাক কৃপাদায়ক নহয়, বৰং কৃপাৰ আলিপথ প্ৰস্তুত কৰে। লাগতিয়াল হস্তান্তৰ নহলে পাপস্বীকাৰ চাক্ৰামেন্ট সুচাৰুৰূপে পোৱা নাযায়। পবিত্ৰ ইউ- কাৰিষ্ট শেষ ভোজনত স্থাপিত হল; পাপস্বীকাৰ যীচু খ্ৰীষ্টৰ পুনৰ জীবিত হোৱাৰ দিনত; বাপ্তিস্মা, হন্তাৰ্পণ অনুলেপন আৰু বিবাহ স্থাপনৰ কাল জনা নহয়। কিজানি সিবিলাকৰ স্থাপন যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ পাতত হ’ল, যেতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টই ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কথা কলে। বাপ্তিস্মাত বাজে স্বৰ্গলৈ সুধিবলৈ নোৱাৰি তেনেহলে তেওঁ আটাই চাক্ৰামেণ্টতকৈ লাগতিয়াল। যি বিলাকে মাৰাত্মক পাপ কৰে সিবিলাকৰ কাৰণে পাপস্বীকাৰ লাগতিয়াল। সুযোগ হলে হস্তাৰ্পণো লব লাগে। পৰা সময়ত পবিত্ৰ ইউকাৰিষ্ট গ্ৰহণ কৰা আৱশ্যক। পৌৰহিত্য আৰু বিবাহ মণ্ডলীৰ কাৰণে আৱশ্যক সকলোৰে আৱশ্যক নহয়।
বাপ্তিস্মা, পৌৰহিত্য আৰু হস্তাৰ্পণে আত্মাক এচিন চফা কৰে, সি একো পধ্যে হঁহা নাযাব। সি অনন্তকাললৈকে আত্মাৰ মহিমা লাজ হব। যি বোৰ চাক্ৰামেন্ট স্বাভাবিক দিয়ে, এবাৰ হে গ্ৰহণ কৰা হব