পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভাগ ২য়
সংখ্যা ২
ফেব্ৰূৱাৰী ১৯৩৫

বন্ধুৰ বাণী।

 আমি বাইবেলত এনে ভাল কথা পঢ়িবলৈ পাইছোঁ “যদি তুমি এজন বন্ধুক পাইছা তেনেহলে তুমি এটা ধন পাইছা।” হেৰা, তুমি কি এজন ভাল বন্ধুক পাবলৈ ইচ্ছা কৰা যদি তুমি ইচ্ছা কৰা তেনেহলে এই সৰু ৰচনাক বৰ সাবধানেৰে আৰু প্ৰেমেৰে পঢ়িলে তুমি জানিবলৈ পাবা যে সন্ত জোন বস্ক তোমাৰ জীৱনৰ এজন উত্তম বন্ধু। সন্ত জোন বস্ক ল'ৰাকালত এজন বৰ দুখীয়া ল'ৰা আছিল কাৰণ তেওক গৰু ছাগলী চৰাবলৈ দিছিল। কিন্তু ঈশ্বৰে সেই দুখীয়া ল’ৰাক যে কেনেকুৱা ভাল আৰু পবিত্ৰ আছিল গ্ৰহণ কৰি তেওঁক মাউৰা লৰাবিলাকৰ পিতৃ আৰু এটা ডাঙ্গৰ সঙ্গ স্থাপিত কৰিবলৈ তেওঁক নিযুক্ত কৰিলে। সেই সঙ্গ এতিয়া সকলো