পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/২০৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৭)


তেওঁৰ জম্মত উৰ্দ্ধস্বৰ্গত দূত আৰু ঈশ্বৰৰ মহিমা পৃথিবীত সুইচ্ছা পৰায়ন লোকৰ শান্তি হৈছিল। সেই কাৰণে ভেৰাৰখীয়া বিলাকে আনন্দৰ বাৰ্ত্তা লৈ আহিছিল। ভয় নকৰিবা, কিয়নো চোৱা যি “শুভবাৰ্ত্তা’’ সকলো মানুহৰ কাৰণে হব সেই মহা আনন্দৰ শুভবাৰ্ত্তা মই তোমালোকক জনাওঁ, যে দাযদৰ নগৰত তোমালোকৰ নিমিত্তে ত্ৰাণকৰ্ত্তা জন্মিল; তেওঁৱেই অভিষিক্ত প্ৰভু। (I.uke II 10. )

 অ' সকলোবিলাক ৰাতিৰ ভিতৰত সুখৰ ৰাতি; যি ঈশ্বৰৰ প্ৰতিজ্ঞাৰ পৰিপূৰ্ণ সাক্ষী দিছিল। অৱশেষত বহু আশাকাংক্ষী ত্ৰাণকৰ্ত্তাৰ আবিৰ্ভাৱ হল৷ বহু শতাব্দিৰ পৰা চয়তানৰ হেচাই মানুহৰ ওপৰত ৰাজত্ব কৰা শেষ হৈ আহিছে। সেই পাপৰ জপনা ঈশ্বৰৰ পৰাই আমালৈ বন্ধ হৈছে আৰু সজ লোক সকলে ইয়াক হেচামাৰি তুকুৰা তুকুৰকৈ ভাঙ্গি পেলালে। যি বিলাকে ইয়াক অনুসৰন কৰিছিল সেই সকললৈ অন্ধকাৰ পৃথিবীৰ ওপৰত পোহৰ পৰিছিল। যি তেওঁক পাবলৈ চেষ্টা কৰিছিল শান্তি, শান্তনা আৰু অনন্ত স্নেহ তেওলোকৰ ওপৰত পিৰছিল। অ' যেতিয়া অতি সুখৰ বাতৰি দিয়া হৈছিল, বাস্তৱতে সুখৰ ৰাতি হৈছিল। শুভবাৰ্ত্তাই পৃখিবীত মানুহৰ শান্তি।

 ঈশ্বৰ সকলো ঠাইত উপস্থিত আছে; তেওঁ সকলে জানে আৰু দেখে আমাৰ ভাববোৰো।

 যদি তোমাৰ আত্মা উদ্ধাৰ কৰা আটাই বস্তু উদ্ধাৰ হব, কিন্তু আত্মা হেৰুৱা হলে আটাই বস্তু অনন্তকাল লৈকে হেৰুৱা হব।

 যিবিলাকে প্ৰাৰ্থনা কৰে সিবিলাকে সঁচাকৈয়ে পৰিত্ৰাণ পাব, আৰু যিবিলাকে প্ৰাৰ্থনা নকৰে সিবিলাকে সঁচাকৈয়ে হেৰুৱা যাব।