জন্ম হব, যাৰ সিংহাশন চিৰকাললৈকে স্থাপিত হব। (kings VII, 13.)
ঈশ্বৰে পিচত সিদ্ধপুৰুষ সকলক পঠিয়াই তেওঁলোকৰ দ্বাৰাই অহাৰ বিষয়ে আৰু জন্ম, মৃত্যু, দুখ কষ্ট, মানুহ আৰু ত্ৰাণকৰ্ত্তাৰ আনন্দ আৰু জয়ৰ বিষয়ে বহুত ভবিষ্যৎ কথা কোৱালে। সিদ্ধ পুৰুষ ইচাইয়াছে কৈছে (770-700 B.C.) “আমাৰ এটা শিশু জন্ম হল, আমি এটা পুত্ৰ পালোঁ তাৰ নাম শান্তিৰ কুমাৰ, পৃথিবীৰ পিতা, ঈশ্বৰ আৰু আচৰিত বিচাৰক হব৷ (Is IX, 6 )
মানুহ জাতিক চয়তানৰ দাসৰ পৰা আৰু দুৰ্ভগীয়া অৱস্থাৰ পৰা ৰক্ষা কৰিবলৈকে তেওঁ সাধাৰণ পাপত পৰিছিল বুলি কোৱা এজন ৰক্ষা কৰ্ত্তাৰ প্ৰতি। সকলোৱে বয়সীয়া বিলাকৰ সহায়ত ভালকৈ বুজি মনত ৰখা উচিত। ৪০০০ বছৰৰ নিমিত্তে সকলো মানুহে স্বৰ্গলৈ চাইছিল। আৰু ত্ৰাণকৰ্ত্তাৰ নিমিত্তে চিঞৰি নিবেদন পঠাইছিল, যেন ঈশ্বৰ সুখৰ ঘটনালৈ বেগাই লৰি অ'হে। সেই সময়ত সিহত ঈশ্বৰৰ পৰা আৰু বহুদূৰলৈ আতৰি গল আৰু পাপ আৰু দুখ কষ্টৰ কুহঁকত পৰিল গৈ। মানুহে দুষ্টাত্মাৰ আক্ৰমণ বাধা দিব নোৱাৰিলে, সেয়ে তাক হেচি দাসত্বলৈ নমালে। সি তাৰ দুষ্টেন্দ্ৰিয় দমন কৰিব নোৱাৰিলে আৰু বেগাই হতাশ আৰু দুভগীয়া হৈ পৰিল। এই সময়তে পাপ ভয়ানক ৰূপে বাঢ়িবলৈ ধৰিলে। সি ঈশ্বৰৰ আৰু তাৰ মাজত এখন জপনা থিয়হৈ থকা দেখা পালে। ওপৰৰ পৰা মানুহলৈ কোনো পোহৰ আহিব নোৱাৰে; সহায় নাই, দয়া নাই কোনো শান্তনাই মানুহক ঢুকি পাব নোৱাৰে। পাপৰ জপনা অভেদ্য।
কিন্তু অবশেষত ঈশ্বৰে মানুহক সোঁৱৰাই দিলে যি জন মানুহক তেওঁ নিৰ্দোষিতা আৰু সুখৰ ৰাজ্যত জম্ম দিছিল তেওঁক এতিয়া দাসত্ব আৰু হেচাত গজালেৰে বিন্ধি থোৱা হৈছে। সেই মানুহ জনক তেওঁ নিজেই মাতিছিল। তেওঁ তেওঁৰ ওপৰত স্নেহ ৰাখিছিল আৰু প্ৰতিজ্ঞাকাৰী ত্ৰাণকৰ্ত্তা তেওঁকেই পঠাইছিল। ২৪ আৰু ২৫ ডিচেম্বৰৰ ৰাতিৰ ভিতৰত দীৰ্ঘাকাঙ্খী প্ৰতিজ্ঞাকাৰী মুক্তিদাতাৰ পৃথিবীৰ ওপৰত আবিৰ্ভাৱ হয়।