পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৮ )

তেজপুৰত

পবিত্ৰ যোহন বস্কৰ

সন্মানাৰ্থে মহৎ উৎসৱ

 পবিত্ৰ যোহন বস্ক মাউৰা- বিলাকৰ পিতাৰ নিমিত্তে আমা- লোকে তেজপুৰত এটা খুব সুন্দৰ পৰ্ব্বদিন প্ৰস্তুত কৰিছিলোঁ। তিনি হেজাৰতকৈ অধিক খ্ৰীষ্টান লোক উপস্থিত আছিল আৰু আন আন মানুহবিলাকৰ মাজত বলতে ঘনে ঘনে আমাৰ বঙ্গলা দৰ্শন কৰিবলৈ আহিছিল। শুকুৰ বাৰ দিনা, ফেব্ৰূৱাৰি মাহৰ ১ তাৰিখে ৰাইত ৰেং মন্দিগ্নৰ মাথিয়াচ, এচ চি, ডি ডি, আৰু আন আন, পাদ্ৰি আৰু বদাৰবিলাকৰ আদৰ অভ্যৰ্থনা হ’ল। শনিবাৰত মনতলগা এখন অসাধাৰণ গান বাজনা হ’ল। অনেক চাহেবেও হাজিৰ আছিল। সেই দিনাও প্ৰায় এশজনে বাপ্তাইজিত হ’ল। পিছ দিনা দেওবাৰ ফেব্ৰূৱাৰি মাহৰ ৩ তাৰিখে ৰাতিপুৱাত পন্তিফিকেল মিচ্ছা, ৰাইত ৰেং মাথিয়াচ, এচ চি, ছি ছি. শ্বিলঙৰ বিচপৰ দ্বাৰা। গধূলি পবিত্ৰ চাক্ৰামেন্টৰ যাত্ৰা যি একেবোৰে সুন্দৰ আৰু মনতলগা আছিলঃ প্ৰায় তিনি হেজাৰ মানুহে হাতত আৰিয়া ধৰি যাত্ৰা কৰিছিল। কেইজনমানৰ ঢোলো আছিল। এক সুন্দৰ ৰথৰ ওপৰত আমাৰ প্ৰভূ যীচু খ্ৰীষ্টই ৰজাবিলাকৰ ৰজাই তেজপুৰৰ বাটেদি ফুৰোতে আমাৰ ভাৰবৰ্ষ আৰু আই মাতৃ অসম দেশক আশীৰ্ব্বাদ কৰিছিল।

 সোমবাৰ দিনা প্ৰায় ছয় শ মানুহে হস্তাৰ্পণ চাক্ৰামেন্ট গ্ৰহণ কৰিলে।