পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৭৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৪)

মণ্ডলীৰ শিক্ষা।

চতুৰ্থ আজ্ঞা।

 আমি ঈশ্বৰক ভাল পাবলৈ ইচ্ছা কৰোঁনে? আহা! আমি আমাৰ চুবুৰীয়াক প্ৰেম কৰোঁ। এইটো নিয়ম; এইটো নিশ্চয় আলি বাট। প্ৰথমে পিতৃ মাতৃক ভক্তি কৰিব লাগে। যি বিলাক সন্তানে নিজৰ পিতৃ- মাতৃক ভাল পায় আৰু মান্য কৰি তেওঁবিলাকক ভক্তি কৰে, সেই সন্তান বিলাকে ঈশ্বৰৰ উল্লিখিত আশীৰ্ব্বাদ আৰু কৃপা পায়। আমি পিতৃ-মাতৃক ভাল পাওঁ এই কাৰণে তেওঁ বিলাকে ঈশ্বৰৰ প্ৰতিনিধি হৈ, পৰমেশ্বৰে তেওঁ বিলাকক সম্মান প্ৰেম কৰিবলৈ আজ্ঞা দিছে। তেওঁ বিলাকৰ প্ৰতি নম্ৰ, শিষ্ট হবলৈ আমাৰ আবশ্যক, এই কাৰণে আমাৰ কথা সদায় মিঠা হব লাগে। তেওঁ বিলাকৰ দোষ এৰি আহা; আমি সততে সিবিলাকৰ শাৰীৰিক আৰু আধ্যাত্মিক বিষয়ত সহায় কৰো। তেওঁ বিলাক নৰিয়া নে? আমাৰ যত্ন আৰু উত্তেজিত হওক। আহা! আমি বৰ নৰিয়া হলে পাদ্ৰি মাতি পঠাম। তেওঁ বিলাকৰ মৃত্যুৰ পাচত ভাল সন্তান বিলাকে বেচি প্ৰাৰ্থনা কৰে যেন তেওঁবিলাকৰ আত্মা বেগতে সকলে পাপৰ পৰা শুদ্ধ হৈ স্বৰ্গলৈ যাব পাৰে। আদেশখন পাপ নহলে সন্তান বিলাকে মানিবলৈ বাধ্য। গোটই জীৱনত পিতৃ-মাতৃক ভাল পাবলৈ আৰু সম্মান কৰিবলৈ সন্তান বিলাকৰ আৱশ্যক। আধ্যাত্মিক আদেশ খন মানিবলৈ বিশেষ প্ৰয়োজনীয়। আমাৰ পিতৃমাতৃক মান্য কৰিলেই নয়, বিচপ পাদ্ৰি আৰু