কুমাৰী মাৰীয়া-ঈশ্বৰৰ মাতৃ।
স্বৰ্গৰ আমাৰ প্ৰাৰ্থক বোৰৰ ভিতৰত এজনী যাৰ কায্য, পবিত্ৰতা আৰু প্ৰভাবৰ দ্বাৰা আটাই দূত সাধু বিলাকৰ ওপৰত বহি থাকে। এইজনী কুমাৰী মাৰীয়া, ঈশ্বৰৰ মাতৃ। যীচু খ্ৰীষ্ট, যি জন ঈশ্বৰ তাইৰ দ্বাৰা জন্মিল। এই কাৰণে তায়ে ঈশ্বৰৰ মাতৃ। এনে মহত্ব তাইক দি পৰমেশ্বৰে আটাই প্ৰাণীৰ ওপৰত তাইকে তোলে। দূত বিলাকৰ মূৰিয়াল তাইৰ দাস, তাই তেওঁৰ মাতৃ। এনে মহত্বক তাইক তুলি ঈশ্বৰে সকলো পাপ, দোষ, ঘুণৰ পৰা তাইক ৰক্ষা কৰিবলৈ বাধ্য এই দেখি তেওঁ কৃপাপূৰ্ণা তাইকে কৰিলে। পাতৰ দ্বাৰা জন্ম ললে এইটো ঈশ্বৰৰ যোগ্য নহয়। পৰমেশ্বৰে যেনেকৈ দূতবিলাক, আদম আৰু হেবা পৰিশুদ্ধ কৰিবলৈ, নিজ মাতৃকো তেনেকৈয়ে সকলো পাপৰ পৰা বাজ কৰিব পাৰিলে। তাইৰ জন্ম হ'ল কিন্তু পূৰ্ব্ব পাপৰ পৰা বাজ কৰা হল। তাইয়ে এই জগতত আহি, পৰমেশ্বৰৰ সাক্ষাতে ৰূপ আৰু মনোহাৰী আছিল। তাইৰ পুত্ৰৰ বহুমূল্য শোনিত, আমাৰ ত্ৰাণৰ কাৰণ, সৰ্ব্ব পাপৰ পৰা তাইক ৰাজ কৰিলে। যীচু খ্ৰীষ্টই কুমাৰী মৰীয়াৰ যেনেতেনেকৈ আমালোকৰ নিমিত্তে প্ৰাণ ত্যাগ কৰিলে। এই কাৰণে তাইয়ে চিঞৰিব পাৰে:— মোৰ আত্মাই, পৰমেশ্বৰ মোৰ ত্ৰাতাৰ স্তুতিত, উলাহিত হৈছে। আটাই ৰক্ষিত প্ৰাণীৰ ভিতৰত কুমাৰী মাৰীয়া প্ৰথম। কুমাৰী মাৰীয়াক সকলো পাপৰ পৰ বাজ কৰা। এই গুণৰ নাম নিস্কলঙ্ক গৰ্ভধাৰণ।