দাস বিলাকৰ মুক্তি দাতা আৰু বন্ধু।
পুৰনি কালত প্রত্যেক দেশতে দাস বিলাক আছিল। মানুহে সিহতক মানুহ বুলি গণ্য নকৰি পশুত কৈয়ো অধম বুলিহে ধৰিছিল । সিহঁতক আনি গৰুৰ দৰে বেচা হৈছিল আৰু প্রত্যেকেই সিহতক মৰিয়াব আৰু প্রাণ হত্যা কৰিব পাৰিছিল। কিন্তু যেতিযা যীচু খ্ৰীষ্ট আহি সিহঁতক ধৰ্ম্ম শিক্ষা দি কলে যে সকলো মানুহ ভাই ককাই আৰু ঈশ্বৰেই সকলােৰে পিতা, তেতিয়া খীষ্ট ধৰ্ম্ম যলৈকে ব্যাপি পৰিছিল সেই বিলাক ঠাইৰ দাস বিলাকক মুকলি কৰি দিযা হল আৰু সিহত মানুহ বুলি গণ্য হল।
যেতিযা মুছলমান বিলাকে আফ্রিকা আৰু পৃথিৱীৰ আন আন অংশ আক্রমণ কৰে আকো এবাৰ বহুত দুখীয়া মানুহক দাস কৰি বহুত দুৰ দেশলৈ নিযা হৈছল। সিহতে তাত মানুহ বিলাকৰ মাজত থাকি অনেক কষ্ট ভূগিব লগা হৈছিল। তেতিয়া খ্ৰীষ্টিয়ান মিচনাৰী বিলাকৰ সিহঁতৰ প্রতি দয়া উপজি আফিকালৈ যাবলৈ ধৰিলে আৰু তাৰ হাটবিলাকত দাসবিলাকক কিনি আকো এবাৰ মুকলি কৰি দিলে।
সাধু পিতাৰ নোলাষ্কচক বিশেষকৈ দাস বিলাকৰ মুক্তি দাতা আৰু বন্ধু বােল যায়। তেওঁ বৰ ধনী মানুহ আছিল৷ তেও কাথলিক পুৰােহিত হৈ দুখীয়া আৰু যন্ত্রনা ভোগা দাস বিলাকক সহায় কৰিবলৈ কেইবা বাৰো আফ্ৰিকালৈ গৈছিল । তেও তেওৰ ধনেৰে সৈতে যিমান পাৰে সিমানক মুক্ত কাৰছিল। যেতিয়া তেওৰ একো নােহাৱা হল, দুষ্ট সদাগৰ বিলাকৰ হাতৰ পৰা এটা দাসক মুক্ত কৰিবৰ কাৰণে তেও নিজে তাৰ ঠাইত দাস হৈ সেই দুখীয়া মানুহটোৰ শিকলি পিন্ধিছিল।
এই ধুনীয়া চবি খনত তােমালােকে সাধু পিতাৰ নোলাষ্কচক তেওৰ বন্ধু আৰু দাস বিলাকক সান্তনা দি সিহতক স্বৰ্গ ৰাজ্যৰ কথা কৈ থকা দেখিবলৈ পাবা। যি ঠাইত এজন সজ পিতা, যি সকলােকে ভাল পায় আৰু য'ত এদিন সিহত সকলাে চিৰ কালৰ নিমিত্তে মুকলি আৰু সুখী হব।
আহা আমি এই সাধুজনৰ পৰাপকাৰৰ মাজেদি প্রার্থনা কৰোঁ যাতে চয়তানৰ সকলো বিলাক দাস সােনকালে ঈশ্বৰৰ সন্তান হয়।