পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৬৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৮ ) ধৰ্ষাধ্যক্ষৰ তুলনাত পুৰণি ৰাজবংশ আজিকালিৰ খে। জীৰ্ণ আৰু পুৰাতনীয় নহৈ সন্ত প'পৰ বাৰ শক্তিমান আৰু পূৰ্ণ যৌৱনৰ দুৱাৰডলিত থাকে। কাথলিক মণ্ডলীয়ে আজি কালি পৃথিবীৰ মতে ততে উৎসাহী, কশ্মী, স্বাৰ্থ ত্যাগী পাত্ৰীবিলাকক পঠিয়াইছে। তাৰ সংখ্যা আগৰ সকলো যুগতকৈ সৰ। আৰু তাৰ যুগমীয়া শাসনৰ ওৰ পৰিছে বুলি আমি কোনো চিন দেখিবলৈ নেপাওঁ। বৰ্তমান সকলো সম্প্ৰদায় আৰু গৰমেণ্টৰ আৰম্ভন দেখি ইয়াৰ শেষ নেদেখিব বুলি আমি সঠিক নহও। চাচন বিলাক বৃটেইনত সোমোৱা আৰু ফৰাচী বিলাক ৰাইন নৈ পাৰ হোৱাৰ আগেয়ে যেতিয়া আণ্টিক নগৰত বাগীশবিলাকে উত্তম ৰূপে কৈছিল, আৰু মক্কা নগৰত প্ৰতিমা পূজা প্ৰথা আছিল, তেতিয়া কাথলিক মণ্ডলী মহত্ব আৰু সম্মানৰ যোগ্য আছিল। আৰু যেতিয়া নিউজিলণ্ডৰ পৰা আহি এজন পথিক নিৰ্জন স্থান মাজত লণ্ডনৰ দলঙত কোনো এটা খং গাঁথনিৰ ওপৰত থিয় দি চেট পলৰ গিৰ্জাৰ ভগ্নাশেষৰ নক্সা আকিব, তেতিয়া কাথলিক মণীৰ শক্তি হ্ৰাস নহব'। এই বিলাক প্ৰবন্ধ আৰু বুৰঞ্জী বিখ্যাত লিখক লৰ্ড মেকিউলেই নিজে লিখা কথা। তেখেত প্ৰটেস্টান্ট আছিল। 1. বৰ্তমান কাথলিক মণ্ডলীৰ পৰিয়ালৰ সংখ্যাঃ ইউৰোপ ২০ ৬,৭৪,৮৪৭ এচিয়া ৮,৬৪,৯৪৭ আফ্ৰিকা ৫,৭৯৭,৬৮৫ আমেৰিকা ১৩,৫৩৭,৪৪৬ অষ্ট্ৰেলিয়া ১২,৬৮৯,৪৬৪ এই সকলো ৩৬৪,০০০,০০০ কাথলিক এটা ডাঙ্গৰ পৰিয়াল স্বৰূপ সন্ত প'পৰ কথাত বাধ্য। সন্ত পপ কাৰৰ অধীনত নাই। তেখেত স্বাধীন। আৰু তেখেতৰ গৌৰৱ ইমান মহত কেতিয়াও নাছিল। সন্ত যোহন বস্ক এই প্ৰতাপান্নিত আৰু পবিত্ৰ মণ্ডলীৰ এজন সুসন্তান আছিল। ...