পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৬)

আমালোকৰ মাজত আহি আমালোকৰ সঙ্গত বহিবলৈ খোজে। পবিত্ৰ ইউখাৰিস্ত, প্ৰভুৰ ভোজন, ধৰ্ম্মহতবিলাকৰ শক্তি বল আছিল। প্ৰভুৰ শৰীৰ গ্ৰহণ কৰাৰ পাচত দুৰ্ব্বল কুমাৰীবিলাকে আৰু আলসুৱা শিশু আৰু লৰাবিলাকে সিংহৰ নিচিনা বলৱন্ত হৈ উঠি ৰকমৰ দুখ কষ্ট সহ্য কৰিবলৈ সাজু আছিল। সচাঁকৈয়ে আমাৰ প্ৰভু যীচু খ্ৰীষ্টই পবিত্ৰ ইউ- খাৰিস্তৰ চাক্ৰামেটত উপস্থিত আছে। তেওঁবে অনেক আশ্চয্য ঘটনাৰ দ্বাৰা এই কথাৰ সত্যতা প্ৰমান কৰিলে। এই কাৰণে যদি যীচু ৰজা বিলাকৰ ৰজা আমালোকৰ মাজত উপস্থিত হৈ থাকে কিমান গভীৰ আদৰেৰে আৰু সন্মানেৰে আমালোকে তেওঁৰ আগমন সাদৰ অভ্যৰ্থনা কৰিব লাগে! ধৰ্ম্মশাস্ত্ৰত আমালোকে পঢ়িছো যেঃ “পিছদিনা পৰ্ব্বলৈ অহা সেই ডাঙ্গৰ লোক সমূহ যিৰূচালেমলৈ যীচু আহিছে বুলি শুনি খজুৰ ডাল লৈ তেওঁক আগ বঢ়াবলৈ গৈ জয়ধ্বনি কৰিলেঃ

 “জয়, জয! যিজন প্ৰভুৰ নামত আহিছে ঈশ্বৰ ঈস্ৰাযেলৰ ৰজা ধন্য!”

 আমালোকেও যীচুক আগ বঢ়াবলৈ গৈ কওহকঃ

 “হে যীচু, দুৰ্ব্বললোকৰ শক্তি আৰু আমালোকৰ আত্মাৰ স্বৰ্গীয় আহাৰ আমালোকে তোমাক আৰাধনা কৰোঁ, তোমাকে প্ৰেম কৰোঁ। তুমি আমালোকৰ ৰজা হৈ আমালোকৰ ওপৰত ৰজত্ব কৰা যাতে তোমাৰ অধী- নত আমালোকে সদায় সজ বাটত ঢলি ইহকালত সুখী হওঁ আৰু তোমাৰ সৈতে স্বৰ্গসুখ লভিব পাম।”

 এই জগতৰ এজন ৰজাই বা ডাঙ্গৰীয়ালোকে আমাৰ গাওঁলৈ আহিলে আমালোকে কিমান আদৰেৰে তেওঁৰ অহা অভ্যৰ্থনা কৰিলোহেঁতেন। যীচুৱে অকল আমালোকেৰ ৰজাই নহয় তেওঁৱে ৰজাবিলাকৰ ৰজা, তেখেতে আমালোকৰ ঈশ্বৰ, আমালোকৰ প্ৰকৃত বন্ধু আৰু পিতা। এই জগতৰ মিত্ৰবিলাকে আমালোকৰ সকলো দুখ কষ্ট গুচাব নোৱাৰে, কিন্তু যীচুৱে ঈশ্বৰ হৈ আমালোকৰ সৰ্ব্বদুখত মনোযোগী হৈ আমালোকৰ হিতকাৰ্য্যহে কৰিবলৈ ইচ্ছা কৰে। তেওঁ আমালোকক অনেক কৃপা দান কৰিবলৈ ইচ্ছুক।