(১২) এদিন যেতিয়া তেওঁ প্ৰা কৰি আছিল, এনে সময়ত এজন দূত আহি তেওঁৰ হাত ও ভৰি স্পৰ্শ কৰাত, আমালোকৰ প্ৰভু যীশু খ্ৰীষ্টৰ আঘাতৰ চিন তেওঁতে দেখা দিলে। চবিদ্ধৰ নিচিনাকৈ তেওঁ সেই চিনলৈ তেওঁৰ গোটেই জীৱনটোকেই কটায়ছিল। বুঢ়া মানুহক সম্মান কৰা। । আমি আমাতকৈ বয়সীল মানুহক সম্মান আৰু ভক্তি কৰিব লাগে। ই বৰ দুখৰ বিষয় যে, লৰা আৰু দেকা মানুহ বিলাকে তেওঁলোকৰ আদেশ নমনীয় নহয়, তেওঁলোকক অৱজ্ঞা কৰি হ'হেও ঈশ্বৰে নিশ্চয় সিহঁতক শান্তি দিব। থিক এই চবি খনলৈ চোৱা; সোওফালে তোমালোকে এজন বুঢ়া মানুহ গছ জোপাৰ কাষত থিয় হৈ থকা দেখা পাবা। তেওঁৱেই সিদ্ধপুৰুষ এলিচিয়াচ। তেও বৰ ধাৰ্মিক পুৰুষ। এদিন কিছুমান লৰাই তেওঁক তপা আৰু অতি বৃদ্ধ দেখি হাঁহিবলৈ আৰু ৰেযা বচন বুলিবলৈ ধৰিলে। এলিচিয়াচে ইয়াতে বৰ দুঃখীত হৈ তেওঁক সহায় কৰিবলৈ ঈশ্বৰক প্ৰাৰ্থনা কৰিলে। মুহুৰ্ততে হাবিৰ পৰা কিছুমান বাঘ, ভালুক ওলাই সেই দুষ্ট লৰা বিলাকৰ ওপৰত পৰি সকলোকে মাৰি পেলালে। ।
পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৫২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই