তাক আৰু সহিব নোৱাৰো। এই ক্ৰুচৰ ভৰ অতিপাত, কৃপা কৰি আন আন ক্ৰুচ পঠিয়াই এই ক্ৰুচৰ পৰা মোক ৰক্ষা কৰক, তেনেহলে মই সুখী হম।”
এৰাতি সেইজনে শুই থাকোতে এটা সমাজিক দেখিলে। এজন স্বৰ্গীয় দূতে তেওৰ ওচৰলৈ আহি তেওঁক কলেঃ—-ঈশ্বৰে তোমাৰ প্ৰাৰ্থনা শুনিলে। মোৰ পাছে পাছে আহা।” নৰিয়ালোকে দূতৰ কথা মানিলে। এই দেখি দুযো এখন আহল বহল কোঁঠাত উপস্থিত হলহি। সেই কোঠা ক্ৰুচবোৰেৰে পুৰ আছিল। স্বৰ্গীয় দূতে পিতৰকে চাই দেখি কলেঃ—“তুমি যি ক্ৰুচখনক সহিবলৈ প্ৰস্তুত সেইবোৰৰ ভিতৰত তাক বাছি লোৱা।” নৰিয়ালোকে এটা এটাকৈ ক্ৰুচখন তুলিবলৈ চেষ্টা কৰিলে কিন্তু তেওঁৰ সকলো যত্ন অনাৰ্থক পৰিছিল। নাকণি-কাননি আৰু নিৰাশ হৈ পিতৰে বৰ লজ্জা গম পাই শেষ কুচখনলৈ আহিল। তাক সহজে ধৰি তুলি পিতৰে চিঞৰিলেঃ—জয় জয, এই ক্ৰুচখন সকলোতকৈ পাতল, সন্তোষেৰে মই তাক তুলি লম।”
স্বৰ্গীয় দূতে মিচিকিয়াকৈ কলেঃ— “ক্ৰুচখন ওলোটোৱা।” নৰি-য়ালোকে কথা মানিলে। ক্ৰুচখনৰ পিচ ফালে তেওঁ বৰ আখৰেৰে লেখা তলত দিয়া কথা দেখা পালেঃ “পিতৰ” অৰ্গাৎ তেওঁৰ নিজ নাম। শিক্ষা বুজ পাই ইমান লাজ লাগিল যে সাৰ পাই সৰল অন্তঃকৰণেৰে আটাহ পাৰি কলেঃ—“হে ঈশ্বৰ, তোমাৰ ইচ্ছা হওক।”
“ঈশ্বৰ বিশ্বাসী; তেওঁৱে তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু যিহতে তোমালোকে সহ্য কৰিব পাৰিবা তাৰ নিমিত্তে পৰীক্ষাই সৈতে সাৰিবৰ উপায়ো কৰিব।” (১ কৰিস্তিয় ১০—১৩)
⸺
তোমাক যেন কোন কথা ভয় নেদেখুৱায়। সকলোৰে শেষ হয়, কেৱল ঈশ্বৰহে অটল; ধৈৰ্য্য গুণত আৰু নম্ৰ হৃদয়ত সকলো বিষয়ৰ সফলতা প্ৰাপ্ত হয়। যাৰ ওচৰত ঈশ্বৰ থাকে তাৰ নিমিত্তে অন্য কোন বস্তুৰ অভাব নাই।