পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৮ )


অহঙ্কাৰী হৰিণা।

এদিন এটা অহঙ্কাৰী হৰিণাই হাবিত এটা শহাক লগ পাইছিল। সিহঁতে একেলগে পানী খাবলৈ আৰু জিৰনি লবলৈ এটা নিজৰাৰ ওচৰলৈ গৈছিল। হৰিণা টোৱে সেই নিৰ্ম্মল পানীত তাৰ নিজৰ প্ৰতিবিম্ব দেখি কবলৈ ধৰিলে:— চোৱা মোৰ বন্ধু। মোৰ কি ধুনীয়া এজোৰ শিং আছে , সিহঁত দেখিবলৈ কেনে সুন্দৰ! ইয়াতে শহাটোৱে কলে “মই ধুনীয়া শিঙৰ কাৰণে সিমান যত্ন নলওঁ। মই বিপদৰ সময়ত বহু দুৰলৈ লৈ যোৱা এই বেগীঠেং দুখনক হে বেচি ভাল পাও। মই ভয় কৰো, যে তোমাৰ শিঙ্গে তোমাক কোনো সময়ত এটা বেয়া ফান্দত পেলাব। বিস্তু হৰিণাটোৱে শহাটোৱে কি কৈছিল মন নকৰিলে। ই পানীৰ চবিলৈ একেথৰে চাই আছিল আৰু ঘূৰাই ২ অনেক বাৰ কৈছিল “ বাস্তৱতে ইহত ধুনীয়া; কোনো ৰজাই তেওঁৰ মুৰত থকা এটা মুকুত এই দৰে ভাল নেপায়"।

 তেনে সময়তে এটা শব্দ শুনা গ'ল। এটা চিকাৰীয়ে তাৰ কুকুৰ বিলাকৰে সৈতে কিছুমান জন্তু মাৰিবলৈ বিচাৰি আহিছিল। এতিয়া কুকুৰ বিলাকে হৰিণাটো আৰু শহাটোক দেখি ভুকিবলৈ ধৰিলে আৰু সিহঁতক খেদি গ'ল। শহাটোৱে একমুহুৰ্তৰ ভিতৰতে হাবিত নাইকীয়া হ'ল। হৰিণাটোৱেও তাৰ জীৱনৰ কাৰণে বৰ বেগাই লৰিবলৈ ধৰিলে। ইয়াৰ ঠেং বাস্তৱতে বৰ বেগী; কিন্তু শিং জোৰ এটা জোপোহাত মেৰখাই ধৰিলে; কুকুৰ বিলাকে ততালিকে ইয়াক খাই পেলালে। বেচেৰা মেৰখাই হৰিণা টোৱে মৰাৰ আগেযে অনুতাপ কৰিলে—মই এই দুৰ্ভগীয়া শিং জোৰৰ যশ কৰিবলৈ গৈ কেনে মুখ আছিলোঁ; এতিয়া সিহঁতেই মোৰ মৃত্যুৰ কাৰণ।’

 মৰমৰ পাঠক! আমিও আমাৰ কাৰণে বিপদ জনক বস্তু বিলাকক কোনো সময়ত প্ৰশংসা কৰোঁ আৰু যি বিলাক লাগতীয়াল সেই বিলাক বস্তুৰ কাৰণে যত্ন নলওঁ।