পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩

তদ্দণ্ডে তাৰ প্ৰাণদণ্ডৰ আদেশ দি পেলালে। ভেবা কথা, এনে ভাঙ্গৰ বীৰৰ মূৰ কটা মাত্ৰকে তেওঁৰ শৰীৰ থিয় দি তাক খহাই দিয়া অসম্ভৱ। সেই দেখি ছাউদাঙে তৰোৱাল দলিয়াই দি পেলাই তেতিয়াই নিজক খ্ৰীষ্টান স্বীকাৰ কৰে। তেওঁৰ মূৰ তৎক্ষণাতে কটা হল আৰু তেওঁৰ পিচত আন সকলৰো মূৰ কটা হল। তেতিয়াহে সৌ বীৰৰ পবিত্ৰ শৰীৰ মাটিত পৰিল গৈ। সেই ৮১৪ মানুহৰ এটা সৰু হাফলুৰ আগৰ এখন মুকলি ঠাইতে ১৩ মাহ থাকিও নেগেলিল। মুচলমানে মাটিত থোৱা নাছিল কাৰণ হাফলুটো স্বৰ্গীয় পোহৰেৰে অলকিত আছিল। এই আচৰিত খ্ৰীষ্টীয় সাহসে আমাকে উৎসাহহে দিব লাগে। আমালোকৰ অতি পবিত্ৰ ধৰ্ম্মৰ প্ৰতি আমাৰ প্ৰেম দিনে পতিয়ে বাঢ়িব লাগে কাৰণ অলেখ ধৰ্ম্মহতে তাৰ নিমিত্তে প্ৰাণ ত্যাগ কৰিছে।


ঈশ্বৰৰ ইচ্ছা।

 আমালোকৰ জীৱন পৰীক্ষা পৰখ। এই দেখি ইহকালত আমালোকে সম্পূৰ্ণ কৈ সুখী হব নোৱাৰোঁ। এই কাৰণে যীচু খ্ৰীষ্টই কলে “কোনোৱে যদি মোৰ পাছে পাছে আহিবলৈ ইচ্ছা কৰে তেনেহলে তেওঁ আপোনাক আপুনি দমন কৰক আৰু আপোন ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে আহক।” এই দেখি দুখ, শোক কষ্ট শ্ৰম ঈশ্বৰৰ নিমিত্তে ৰংমনেৰে সহিব লাগে।পৰীক্ষা উত্তীৰ্ণ কৰিলে আমালোকে অনন্তকাললৈকে ভাগ্যবান হম।

 অনেক, অনেক বছৰৰ আগেয়ে পিতৰৰ নামে এজন লোক আছিল। এদিন নৰিয়াত পৰি থাকোঁতে থাকোঁতে তেওঁ গোৰোগেঁথোকৈ আৰু অস্থিৰ ভাবে নিজ অৱস্থা সহ্য কৰিছিল। বেমাৰৰ পৰা সুস্থ হবৰ নিমিত্তে নিতৌ তেওঁ ঈশ্বৰক খাটি তলত দিয়া প্ৰাৰ্থনা কৰিছিলঃ–“হে ঈশ্বৰ, আপোনাৰ শ্ৰেষ্ঠ দয়াৰ দ্বাৰা এনে বেমাৰৰ পৰা মোক তৰাই সুস্থ কৰক, কাৰণ মই