পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১০)

 আৰু যেন পিতৰৰ বিশ্বাসৰ কেতিয়াও ক্ষয় নহৱ তাৰ নিমিত্তে যীচুৱে প্ৰাৰ্থনা কৰিলে আৰু নিজ ভাইবিলাকক বিশ্বাসত দৃঢ় কৰিবলৈ তেওঁক আদেশ দিলে। এই কথাবোৰৰ দ্বাৰা যীচু খ্ৰীষ্টই মেৰ পোৱাবিলাক (আটাই খ্ৰীষ্টানলোকে) আৰু মেৰবিলাকৰ মুৰিয়াল-মূৰক নিযুক্ত কৰিলে। এই দেখি তেওঁৰ অধীন আজ্ঞাকাৰীলোক হোৱা আমাৰ আৱশ্যক।

পিতৰৰ মৃত্যুৰ পাচত

 পিতৰৰ পাচত মণ্ডলীৰ শেষ নহৈ তেওঁৰ উত্তৰাধিকাৰীবিলাকে অৰ্থাৎ ধৰ্মীয় বিচপবিলাকে সেই সম-ক্ষমতা ব্যৱহাৰ কৰিলে। ৰমৰ যি পপ মহাশয় আছে সকলোৱে আৰু সদায় তেওঁক পিতৰৰ উত্তৰাধিকাৰী আৰু সৰ্ব্বসাধাৰণ মণ্ডলীৰ প্ৰত্যক্ষ মূৰক তেওঁক চিনি স্বীকাৰ কৰিলে। একহে সৰ্ব্বসাধাৰণ মেল নহল যাতে পপে নাইবা তেওঁৰ এজন পাচনি উপস্থিত হোৱা নাই।

 পপৰ গ্ৰহণ নকৰাকৈ তাৰ এটাও নিষ্পত্তি গ্ৰাহ্য নেপালে সকলো জগতৰ বিচপ আৰু খ্ৰীষ্টানবিলাকে তলত দয়া পুৰণী স্বতঃসিদ্ধ স্বীকাৰ কৰিছিল “য'তে পিতৰ মণ্ডলীও ত'তে”। ৰমহে পিতৰৰ বাসৰ ঠাই। পাচনিবিলাকৰ পৰা আহি ৰম মণ্ডলীহে পুৰ্ণাঙ্ক বিশ্বাস ৰাখিছে। ঈশ্বৰে যে পিতৰে আৰু তেওঁৰ উত্তৰাধিকাৰীবিলাকে বিশ্বাসীলোকৰ সমূহক অপথে নিনিব তেওঁৱে নেৰানেপেৰাকৈ বিশেষ মনোেযোগ দিয়ে। এই বিশেষ সহায়ৰ দ্বাৰা পপে ধৰ্ম্মশিক্ষাত অৰ্থাৎ বিশ্বাস আৰু নিতিৰ কথাত ভূল কৰিব নোৱাৰে। এই বিশেষ অধিকাৰৰ নাম অভ্ৰান্ততা বা ভূলশুন্যতা। যে পপে অপকাৰ, অন্যায় কৰিব নোৱাৰে তাৰ অৰ্থ নহয়। তেওঁৱেই আপোন আত্মাক হেৰুৱাব পাৰে, কিন্তু পপে ধৰ্ম্মশিক্ষাতহে ভূল-ভ্ৰান্ত কৰিব নোৱাৰে কাৰণ যীচু খ্ৰীষ্টই পবিত্ৰ পিতৰক আৰু তেওৰ উত্তৰাধিকাৰীবিলাকক প্ৰতিজ্ঞা কৰিলে যে নৰকৰ দুৱাৰবোৰে মণ্ডলীৰ ওপৰত প্ৰবল নকৰিব। এই দেখি ধম্মশিক্ষাত ভূল-ভ্ৰান্ত ওলালে কাথলিক মণ্ডলীয়ে সত্যতাৰ পথ দেখুৱাই দিয়ে।