(৮৪)
নিমিত্তে, আরু উচ্চাৰণ ভাল কৰিৰ নিমিত্তে যি শ্ৰম কৰি
চিল তাক পতিয়াব নলগাই প্ৰায়; তাৰে পৰা আমি জানো যে
স্থিৰ প্ৰতিজ্ঞ হৈশ্ৰম কৰিলে সকলো দোষকে গুচাব পাৰি।
তেঁও এনেহে খোনা আচিল যে কেতবোৰ আখৰকে উচ্চাৰণ কৰিব নোৱাৰিচিল, এই দোষ গুচাবলৈ তেঁও সৰু২ শিল গুটি মুখতলৈ পঢ়িচিল তেঁওৰ উসা নিচেই চুটি আচিল এই দোষ গুচাবলৈ তেঁও নথম কাকৈ সেলাক সাতি বৰ ওখ পৰ্ব্বতলৈ উঠিচিল আৰু সমাজত মানুহৰ হাইতো তেঁওৰ মতে শুনিব পৰা কৰিবৰ নিমিত্তে সাগৰৰ তীৰলৈ গৈপাণিৰ ৰৌৰৌৱিত বক্তৃতা কৰিচিল।
দিমস্তিণীচে মাত ভাল কৰিবলৈ যিমান যত্ন কৰিলে মুদ্ৰা দিবলৈকো তাত কৈ অল্প পুরুসাৰ্থ কৰা নাচিল তেঁওৰ ষৰত এখন আৰ্চি আচিল তাকে আগতথৈ মুদ্ৰা দিবলৈ শিকিচিল আৰু যি কথা সভাৰ আগত কব লাগে তাক তেঁও আগৈ আৰ্চি আগতথৈ কেই বেলি মান ঘৰতে আওৰাই পিচে হে সভাত কে চিল তেঁও বক্তৃতা কৰাৰ সময়ত কান্ধ নচুৱাইচিল এই দোষ শোধন কৰিবৰ নিমিত্তে যত থিয়হৈ বক্তৃতা শিকিচিল তাৰ ওপৰত এখন তৰোৱাল ওলমাইথৈ চিল, পিচে তাৰে তলত থিয় দি বক্তৃতা কৰোঁতে কান্ধ নচুৱালে তৰোৱালৰ আগ লাগিচিল; এনেকৈ কান্ধ নচুৱা স্বভাৱো গুচিল।
তেঁও বিদ্যা শিকিবলৈ যেনে শ্ৰম কৰিচিল সিও সরু আচ