পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৮০)


সি তাতে বহি তত পাই যি সৈন্য তাৰ আগত গৈছিল আৰু যি বোৰ ধন সম্পত্তি দেখিচিল সেই বোৰ মনত কৰি সি বৰ বিলাপ কৈ কান্দিলে। সি সেই বৰ নৈৰ তীৰতে ঘৈনিয়েকৰ তলৈ আকৌ উভতি জাব পাৰিব বুলি দুমাহ বাট চাই থাকিল, কিন্তু এদিন নিখা সাৰ পাই বৰকৈ কান্দি লত এটা মানুহৰ কথা হে শুনিলে কিন্তু তাক নেদেখিলে সেই মাতে এই বুলিলে বোলে কেনে সুখ ভোগ কৰিচিলি, যি এৰি আহিলি ভালৈ আকৌ জোৱা নিলগত থাওক আৰু হুমুনিয়াহ কাঢ়। এইকথা শুনিলত সি কুঁৱৰিৰ তলৈ উভতি জাবৰ অশাৰ পৰা নৈৰাশ হৈ সন্ন্যাসী থকা ঘৰলৈ সোমাল আরু তেতিয়াহে জানিলে যে যিবোৰ২ সি কৰিছে আৰু দেখিচে সিহঁতো সেই গতিত পৰিচিল আরু সিহঁতৰ কন্দাৰ সকামো বুজিলে। শোকে অসন্তোষে তাক চাৰিও ফালৰ পৰা বেৰি ধৰিলে, সি তাৰ থকা খোটালি সোমাই সদাই কান্দি২ ভাত পানি এৰি আৰু কেতিয়াও নাহাঁহি মৰিল আরু সিবোৰ সন্ন্যাসীৰ লগত গোৰ গল।

MODESTY.

লজ্জা।

 হে মোৰ প্ৰিয় লৰা, ময় তোমাক সদাই বৰ লাজুয়া বুলি কৈ আচোঁ; সকলো সদ্গুণ অতি অধিক হোবা দোষ। তুমি সমাজলৈ জাবলৈ লাজ কৰা আরু কেৱে কোনো