(৭৯)
এই কথাত সি মাটিত দওৱত হৈ কলে বোলে আই কুঁৱৰি
দেও বন্দি আপোনাৰ গোলামৰ যোগ্যও নহঁও; কুঁৱৰিয়ে
উত্তৰ দিলে তুমি মোৰ গোলাম বান্দি ধন সোন ইত্যাদি
নে দেখানে? তুমি আপেন ইচ্ছাৰে সকলোকে কৰিব
পাৰিবা আৰু দিবা থবাও আরু সকলোকে কৰিবা, কিন্তু সেই দুৱাৰ খন মাথোন নে মেলিবা ( এই বুলি এখন বন্ধ দুৱাৰ দেখুৱালে) যদি হে মেলা তেন্তে শোক পাবা আৰু
পিচে শোক কৰিলেও একো নহব। এই কথা কঁওতেই ৰাজ
মন্ত্ৰিয়ে পুৰহিত লৈ সোমালহি, কুঁৱৰিয়ে বিয়াৰ ক্ৰিয়া
সকল কৰিব দিলত সিহঁতে তেঁওক সেই ডেকা মানুহে সৈতে
বিয়া দি সকলোকে খুৱাই বুধাই সমাপন কৰিলে আৰু সেই
মানুহটো কুঁৱৰিয়ে সৈতে সাৎবচৰ পৰম সুখে থাকিল।
কিন্তু এদিন সি এই ভাবিলে বোলে ময় যি বোৰ ধন সোন দেখিচোঁ তাতকৈ সৰহ এই দুৱাৰৰ ভিতৰত আচে এতেকে হে কুঁৱৰিয়ে মোক দুৱাৰ মেলিবলৈ হাক দিচে কিন্তু ময় দুৱাৰ মেলিম; এই বুলি তেতিয়াই উঠিসি দুৱাৰ খন মেলি যিটো চৰাইয়ে তাক নৈৰ কোখৰৰ পৰা উপদ্বীপত, পেলাইচিল তাকেই দেখিলে। পিচে তাক দেখি চৰাইয়ে কলে বোলে কেতিয়াও সন্তোষ নোপোৱা ঠা্ইলৈ লৈ জাঁও বলা, এই কথা শুনি সি পলাব খুজিলে কিন্তু চৰাইটোৱে পিচে গৈ তাক লৈ আকাশ পৃথিবীৰ মাজেৰে উৰাও কৰি যৰপৰা তাক পুৰ্ব্বে আনিচিল তাতে থৈ গল