ভূমিকা।
এতদ্দেশত্ পূৰ্ব্বে সংস্কৃত বিদ্যাৰ অনুশীলন থকাত সেই ভাষা অধ্যয়ন কৰি সকলো ভদ্ৰ সন্তানে বহু বিধ শাস্ত্ৰজ্ঞ হৈ বিদ্যাৰ পৰা উৎপত্তি হোৱা সকলো লাভ আৰু সুখ ভোগ কৰি মনুষ্যৰ কৰ্ত্তব্যাকৰ্ত্তব্য কৰ্ম্ম সকল জানিচিল। কিন্তু অধুনা এতদ্দেশ ইংগ্লণ্ডীয়াধীন হোৱাত প্ৰায় সকলো বিশিষ্ট লোকেই সংস্কৃত কি অন্য কোনো ভাষাধ্যয়ন দ্বাৰা, নীতি ধৰ্ম্ম আরু অন্যান্য শাস্ত্ৰাদিত নিপুণ হবৰ পুরুষাৰ্থ নকৰি পূৰ্ব্ব পুৰুষ সকলৰ দৃষ্টান্তৰ বিপৰীতাচৰণ কৰা হে দৃষ্ট হয়। প্ৰায় সকুলো ভদ্ৰ সন্তান পঞ্চ কি ষষ্ঠ বৎসৰ বয়স প্ৰাপ্ত হলে সিবিলাকৰ পিতৃ মাতৃ সকলে অকল অক্ষৰ পৰিচয় আৰু সুন্দৰকৈ লেখিব পৰা কৰিবৰ মনস্থে সামান্য উপদেশ দি এই বিদ্যা দ্বয়ত কিঞ্চিৎ সক্ষম হলেই শাস্ত্ৰাদি শিক্ষা কৰিব নিদি ভবিষ্যৎ কাললৈ জীবনোপায়ৰ চিন্তা কৰিব দিয়ে। এই ৰূপে এতিয়া সকলো ভদ্ৰ সন্তানে বিদ্যা ৰত্নৰ অসীম উপকাৰৰ পৰা বঞ্চিত হৈ অন্ধৰ নিচিনা ধৰ্ম আরু পৰকাললৈ জোৱাৰ বাট নে দেখি ইহ কাল পৰ কাল উভয়কে নষ্ট কৰাৰ আগন্তুক কৰিছে। যদিবা কোন২ লোকে সিবিলাকৰ সন্তান সকলক সংস্কৃতাধ্যয়ন কৰায় কিন্তু তাৰ পৰাও বিশেষ উপকাৰ দৃষ্ট হোৱা নাই; কিয়নো কেৱে শাস্ত্ৰ সকল নিপুণ হবলৈ বাট নাচায় আৰু কিঞ্চিৎ ব্যুৎ