পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৭৫ )


সন্ন্যাসী ঈশ্বৰৰ ঠাই লৈ নোজোৱা লৈকে তুমি আল পাচন ধৰিচা হয়, আরু আমিও নিশ্চয়কৈ মৰিম। পিচে সেই ডেকাই সুধিলে বোলে হে দেও তোমাৰ মৰিবৰ সময় চাপিলহি এতেকে তোমোলাকৰ সদাই শোক কৰাৰ আরু কান্দাৰ কাৰণ কি কোৱা, সন্ন্যাসী য়ে কলে, বুপাই তোমাৰ সেই কথা শুনিবৰ সকাম আচে ময় সদাই ঈশ্বৰক এই প্ৰাৰ্থনা কৰি আছোঁ যে তেঁও যেন কাকো আমাৰ নিচিনা শোকিয়া নকৰে; এতেকে আমি যি দুখত পৰিচো তাৰে পৰা যদি তুমি নিৰ্ব্বিঘেন থাকিব খোজা তেন্তে সেই দুৱাৰ খন নেমেলিবা (এইবুলি তেঁও এখন দুবাৰ আঙুলিৰে দেখুৱালে। তেও যদি তোমাৰ আমাৰ নিচিনা হবৰ ইচ্ছা যায় তেন্তে মেলিবা আৰু আমাৰ অসন্তোষৰ কাৰণ বুজি পাবা, কিন্তু মেলিবা হে হয় তাৰ পৰা বৰ সোকহে পাবা আরু পিচে অসন্তোষ কৰিলেও একো নহব।

 পিচে সন্ন্যাসীটোৰ নৰিয়া টান হৈ মৰিলত ডেকা সানুহ টে তাৰ শধুৱাই লগৰিয়া হঁতৰ গুৰিত গোৰ দি সেই ঠাইতে থাকি- ল, কিন্তু সেই সন্ন্যাসী বোৰৰ কথা দেখি. সদাই বৰ অস্থিৰ হৈ আচিল, এনেতে এদিন দুৱাৰ মেলিব নিদিয়া কথা তাৰ মনত পৰি ভাবিলে বোলে ময় দুৱাৰ খন চালে একো দাই নাই; এই ভাবি সি গৈ ওপৰত মকৰাৰ জাল বন্ধা এখন সুন্দৰ দুৱাৰ চাৰিটা লোৰ তালাৰে মাৰি থোৱা দেখিলে, কিন্তু সন্ন্যাসীয়ে কোৱা কথা মনত পৰি উভতি আহিল।