পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৭৪)


চাল খন বিচক্ষণ সোনৰ, আরু মজিয়াত পাটৰ দলিচা পাৰিথৈচিল; পিচে তাতে মুখামুখি ই অসন্তোষৰ কাপৰ পিন্ধি দহোটা সন্ন্যাসী বহি থকা দেখিলে। ইয়াতে বৰ আচৰিত হৈ যি সন্ন্যাসীয়ে তাক আনিচিল তাতে এই কথা সুধিবৰ মন কৰিলে, এনেতে পূৰ্ব্বৰ কথা বন্ধা মনত পৰি তাৰ জিবা টানি ৰাখিলে।

 তাৰ পিচৎ তাক অনা সন্ন্যাসীয়ে ডেৰ কুৰি হেজাৰ সোন থকা এটা পেৰা আনি তাৰ হাতত দি কলে বোলে বুপাই এই পেৰাৰ সোন যেনেকৈ ভাল বুজা তেনেকৈ আমাৰ আৰু তোৰ হৈ ব্যয় কৰিবা, কিন্তু যি তোমাৰ তত খলোঁ ভাত স্বৰূপ হবা। এই কথাত সেই ডেকা মানুহে (হজুয়াই) শুনিলোঁ আৰু মান্‌তি হলোঁ বুলিলে।

 সি সেই ধন ভালেমান দিনলৈকে ব্যয় কৰিলে, পিচে সিহঁতৰ মাজৰ সন্ন্যাসী এটা মৰিলত তাৰ লগৰিয়া বোৰে তাৰ শধুৱাই ঘৰৰ পিচৰ বাৰিত গোৰ দিলে; এনেকৈ এটা২ কৈ কেঔটা সন্ন্যাসী মৰিল অকল যিটো মানুহে তাক আনিচিল সি হে থাকিল; কিন্তু সিও কিচু কাল থাকি নৰিয়া পৰিলত আৰ সি জিবৰ ভাৰসা নথকাত সেই ডেকা মানুহে বৰ অসন্তোষ কৈ কলে বোলে।

 দদাই ময় বাৰে বচৰলৈকে স্বৰূপহৈ শক্তি অনুসাৰে এডাঁৰ পৰ খতি নোহাৱাকৈ তোমাৰ সেৱা কৰিচোঁ; এইকথাত সন্ন্যাসীয়ে উত্তৰ দিলে হয় বুপাই; সকলো বোৰ