পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৭১)

তোমাৰ কানে যদি প্ৰশংসা শুনি ৰঙ্গ পায়, তেন্তে যি ধুলিৰে তোমাক সাজিচে তাৰ পৰা উঠি প্ৰশংসনীয় কোনো কৰ্ম্ম কৰিবলৈ পুরুষাৰ্থ কৰা।

 যি কৰ্ম্মতে ধৰা তাত প্ৰথম হবলৈ যত্ন কৰা, আরু সৎ কৰ্ম্মত তুমি কাতোকৈ না ঘাটিবা; কিন্তু আনৰ সজ গুণ দেখি কেতিয়াও হিংসা নকৰি তোমাৰ আপোনাৰ গুণ বঢ়োৱা।

 একে কৰ্ম্মতে যদি তোমোলাক দুটাই লাগা তেন্তে তোমাৰ সেই সম কৰ্ম্মাভিলাষীক কোনো অসজ উপায়েৰে ঘটুৱাবৰ ইচ্ছা নকৰিবা, কিন্তু তাক গুণেৰে জিকি হে তাত কৈ ডাঙ্গৰ হবৰ পুৰষাৰ্থ কৰিবা কিয়নো তেনে কৰিলে যদি কৰ্ম্ম সিদ্ধি কে কৰিব নোৱাৰা তেও সম্মান পাবা।

 সজউপায়েৰে আনতকৈ ডাঙ্গৰ হবলৈ খুজিলে মনুষ্যৰ মন মহৎ হয় আরু সুনাম পাবলৈ ইচ্ছা কৰি কামনা সিন্ধি হলে অতি হৰ্ষ হয়।

 এনে মানুহে সকলো প্ৰতিবন্ধককে এফলিয়াকৈ থৈ নাৰি কল গছৰ নিচিনা ওখ হয়, আৰু চৰাইৰ নিচিনা হৈ আকা শলৈ উৰি সূৰ্য্যৰ মহিমাত চকু স্থিৰ কৰে।

 ৰাতিও তেঁও বৰ লোকৰ উপমা সমাজিকত দেখে আরু দিনত সিবিলাকৰ উপমাৰে ঢলা তেঁওৰ মহৎ সুখ তেঁও মহৎ কথা ভাবে আরু তাক সিদ্ধি কৰিব পাৰিলে বৰ হৰ্ষ হয় আরু তেঁওৰ নাম গোটেই পৃথিবীকে ব্যাপে।

 কিন্তু হিংসক মানুহৰ চিত্ত গোটেই বিষে ভৰা, তাৰ