পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৬৭ )

পায়। তেঁওৰ বৃহৎ মনে সদাই সকলো মানুহৰ সুখ চিন্তে আরু তেঁওৰ উদাৰ চিত্তে সেই সুখ বঢ়াবৰ পুরুষাৰ্থ কৰে।


PITY.

দয়া।

 বসন্ত কালৰ হাতে জেনেকৈ পৃথিবীক নানা বিধৰ ফুল আরু কলিৰে ঢাকে আৰু গ্ৰীষ্ম কালৰ দয়াত যেনেকৈ অনেক সশ্য উৎপন্ন হয়, তেনেকৈ দয়াৰ হাস্যে দুখৰ সন্তান সকলৰ ওপৰত দান ঢালে।

 যি মানুহে আনক দয়া কৰে তাকো আনে দয়া কৰিব, কিন্তু যাৰ দয়া নাই তাক কেৱে দয়া ন কৰে।

 কসাই য়ে যেনেকৈ চাগলি পোৱালিৰ কান্দনত মৰম নকৰি বধ হে কৰে তেনেকৈ নিষ্ঠুৰ মানুহৰ হদয়তো মানুহৰ দুখ দেখি মৰম নেলাগে।

 গোলাপ ফুলৰ পৰা নিয়ৰৰ টোপ মাটিত পৰিলে যেনে দেখিবলৈ সুন্দৰ মৰমিয়াল মনুহৰ চকুৰ পানি তাতকৈও সুন্দৰ।

 দুখিয়াৰ কান্দনরু প্ৰতি কলা নহবা, আরু নিৰ্দ্দোষীৰ দুখৰ প্ৰতি তোমাৰ চিত্ত টান নকৰিবা।

 যেতিয়া পিতৃ মাতৃ হীন তোমাৰ তলৈ আহে, যেতিয়া অনাথ বিধবাই চকুৰ পানিৰে তোমাৰ সহায় যাচ্ঞা কৰে, তেতিয়া হে দয়ালু মনুষ্য তাইৰ দুখ দেখি কৃপা কৰিব আরু