লকৈ অনেক পুরুষাৰ্থ কৰি ভালেমান খাদ্য দ্ৰব্য গোটাই থলে।
পিজাৰো উভতি আহিলত ককাইয়েকে অতি আদৰকৈ আনি কাৰ্য্য কেনেকৈ সিদ্ধি করিলে তাৰে কথা সুধিলে, তাতে সি কলে বোলে আনি ভালেমান সোন পাইচোঁ কিন্তু আমাৰ লগৰ অনেক মানুহ মরিচে আরু যি কেইটা আচোঁ সিও খাবলৈ নেপাই মৰিব লগা হৈচোঁ, আজি দু দিনৰ পৰা গচৰ চাল আরু ফল মূলত বাজে আন একো খোৱা নাই এতেকে মোক শীঘ্ৰে খাবলৈ দিয়া।
এলঞ্জোৱে অতি নম্ৰ হৈ কলে বোলে আমি যেতিয়া আহোঁ তেতিয়া কাতো কেৱে একো নোখোজোঁ বুলিচিলোঁ, তুমি শ্ৰম কৰি যি সোন পোৱা তাকো ময় খোজা নাচিলোঁ এতিয়া ময় শ্ৰম করি উপাৰ্জ্জন কৰা বস্তু যে তুমি খোজা ই বৰ আচৰিত; কিন্তু তুমি মোৰ খাবৰ দ্ৰব্যে সৈতে যদি তোমাৰ সোন সলোৱা তেন্তে ময় তোমাক খাবলৈ দিব পাৰিব পাৰোঁ।
পিজাৰোৱ এই কথা বৰ নিৰ্ম্মৰমিয়াল হেন ভাবিও ভোকত সেই কথাতে মানতি হল কিন্তু খাবর দ্ৰব্যৰ সলনি এলেঞ্জোৱে ইমান সোন নিলে যে অলপ দিনৰ মুৰতে তাৰ এটাই খনি সোনেই ঢুকাল।
পিচে এলেঞ্জোৱে যি জাহাজত আহিচিল তাতে আকৌ উভতি জাবলৈ কলত পিজাৰোৱে বৰ খঙ্গকে কলে বোলে