পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৮)

ৰত দোষ কৰা বুলি জানিবা। অপৰাধ লুকাৰৰ নিমিত্তে মিচা কলে দোষ নাই বুলি কেতিয়াও না ভাবিবা কিয়নো মিচা যি সি মিচা, যি নিমিত্তেই কোৱা, আরু ভাল হবলৈ অকৰ্ম্ম কৰিব নোপোৱা।

 কিন্তু ময় সঁচা কব দিচোঁ বুলি তুমি আপোনা আপুনি কাৰো দোষৰ কথা নকবা, কিন্তু যেতিয়া তোমাক কেৱে সোধে বোলে অমুকে কি কৰিচে, তেতিয়া তুমি স্বৰূপ কথা কবা বা একোকে নকবা, মিচা হলে কেতিয়াও নকবা।

 আরু তুমি জানিবা যে ঠাৰেৰেও আরু কথাৰেও মিচা কব পৰে, আরু তুমি সঁচা কইও মিচা কব পাৰা। অৰ্থাৎ ময় তোমাক কোনো এটা কৰ্ম্ম কৰিব দি যদি তোমাত সোধোঁ বোলোঁ সেই কৰ্ম্ম কৰিলানে? পিচে তুমি যদি কোৱা যে সেই কৰ্ম্ম কৰিবৰ এডাৰ পৰ হৈচে কিন্তু স্বৰূপত তুমি কৰা নাই আনেহে কৰিছে তেন্তে এনে কথাকো মিচা বোলে।

 এতেকে হে প্ৰিয়লৰা সকল মিচাৰ পৰা পলাবলৈ সাৱধান হোৱা আৰু পৰকালত মিচলিয়াৰ কি গতি হব তাকে মাথোন কেতিয়াও নে পাহৰিবা। ঈশ্বৰৰ তলৈ কোন জাব? অকল তেঁৱে জাব যোনে চিত্তে সৈতে সত্য। ঈশ্বৰে মিচা মুখক ঘৃণা কৰে কিন্তু সত্যবাদিক প্ৰেমকৰে।