কৰি কলে বোলে দাইও নিচিচত কৈ ধনৱন্ত আরু মুখা ৰজা কেতিয়াও নাচিল।
তাতে ৰজাই কলে বোলে দেমকণ্টচ তুমি এই সুখৰ স্বাদ বুজিব খোজানে আরু যি সুখ তুমি ইমান বৰ বুলি ভাবিচা তাক জানিব খোজানে? এই কথাত দিমকণ্টচ অতি হৰ্ষ হৈ সেই সুখ অভিলাষ কৰাত ৰজাই ৰাজ ভোগ প্ৰস্তুত কৰিবলৈ আরু তাক বহিবৰ সোনৰ বন কৰা আসন দিবলৈ আজ্ঞা কৰিলে।
পিচে এখোটালি সোন ৰূপৰ বাচন দমকৈ চ ৰিও ফালে সজালে, অতি সুৱনি আলধৰা বোৰ তাৰ আল ধৰিবলৈ থিয় দিলে, আৰু নানাবিধৰ সুগন্ধি দ্ৰব্য তিয়াৰ কৰি সকলো বিধৰ ভাল২ খাবৰ দ্ৰব্য আনিলো দিমকণ্টচ সুখত উন্মত্ত হৈ আপোনা আপুনি দেৱতা হেন বুলি ভাবিলে।
এই আনন্দৰ মধ্যত পৰি থাকি ওপৰলৈ চাই দেখে যে ঘৰৰ চালত এখন চোকা তৰোৱাল তাৰ মুৰৰ ওপৰত একে ডাল চুলিৰে আৰি থৈচে।
তৰোৰাল পৰি তাক নাশ কৰিবৰ ভয়ে তাৰ সকলো সুখকে গুচালে, সোন ৰূপৰ জিলিকনি আরু বাজনা ইত্যাদিৰ পৰা সি সুখ নোপোৱা হল, সি খাবলৈ হাত বঢ়াবলৈকো ভয় কৰিব ধৰিলে, আরু ফুলৰ মালা বোৰ দলিয়াই পেলালে আরু সেই ভয়ানক ঠাইৰ পৰা নিলগ হবলৈ বাঞ্ছা কৰি এনে ভয়েৰে সুখ ভোগ কৰিবৰ আরু অভিলাষ নাই বুলি ৰজাক