পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৬ )



 তেঁওৰ এই সুস্বভাব দেখি তেওঁৰ মিত্ৰ এজনে বৰ আচ ৰিত হৈ এদিন তেঁওত সুধিলে বোলে হে মিত্ৰ তুমি মোক সদানন্দ হযৰ সঙ্কেত সিকাৱ পাৰানে।

 তাতে সেই বুঢ়া মহাজনে উত্তৰ দিলে বোলে ময় আতি সহজে মোৰ সঙ্কেত সিকাব পাৰোঁ অৰ্থাৎ মোৰ চকুৰ ব্যৱহাৰৰ দ্বাৰা ময় সদানন্দ হৈ থাকোঁ কিন্তু তেঁওৰ মিত্ৰে এই কথা নুবুজিলত তেঁও এই বুলি ভাঙ্গি কলে বোলে।

 ময় যি কি অৱস্থাতে থাকোঁ আৰ্গে ময় স্বৰ্গলৈ চকু তুলি চাঁও আরু ভাবোঁ যে তলৈ জোৱা হে মোৰ ইয়াত ঘাই বন, পিচে ময় তলত পথিবীলৈ চাঁও আরু ভাবোঁ যে ময় মৰিলে ইয়াত মোক অল্প ঠাই হে লাগিব, পিচে ময় পৃথি বীৰ চাৰিও ফালে চাই ভাবোঁ যে ইয়াত মোতকৈও অনেক দুখিয়া আছে এনেকৈ যথাৰ্থ সুখ যত, আরু যত আমাৰ সকলো দুখ আরু ভাবনা সমাপ্তি হব তাকে জানো এতেকে অসন্তোষ কৰিব লগা নাই।

DUTIES OF CHILDREN TO THEIR PARENTS.

সন্তান সকলৰ পিতৃ মাতৃৰ প্ৰতি কৰ্ত্তব্য কৰ্ম্ম।

 তোমাৰ পিতৃ মাতৃক মৰম্ কৰা, কিয়নো সিবিলাকে তোমাক বৰ চেনেহ কৰে আরু উপজিবৰে পৰা তোমাক প্ৰতিপালন কৰিচে।