পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৩ )

দেখি অতি হৰ্ষ হৈ পিচবচৰত তাৰ বাৰি খল দুই পুতেকৰ মাজত ভগাই দিলে।

———

THE PIOUS SONS.
ধাৰ্ম্মিক পুত্ৰৰ কথা।

 চিচিলি নামেৰে উপদ্বীপৰ এটেনা পৰ্ব্বত বিদিৰ্ণ হলত তাৰ চাৰিও ফালৰ গাঁও বোৰত বৰ উপদ্ৰৱ হৈচিল।

 পৰ্ব্বতৰ চাৰিও ফালে আগ্নেয় দ্ৰব্য সকল পমি পৰিচিল, তাৰে পৰাৰক্ষা পাবৰ নিমিত্তে সেই২ গাঁৱৰ মানুহ বোৰ নিলগলৈ আঁতৰ হল। সকলোৱে বয় বস্তুলৈ পলাব লাগিচে এই হুল স্থুলত আনাপিয়চ আরু এম্ফিনোমচ্ নামে দুই ভায়েক তাঁহাতৰ ধন সোন আঁতৰ কৰিবলৈ বৰ উদ্বিগ্ন হৈ আচিল, এনেতে তাহাঁতৰ অকস্মাৎ এই কথা মনত পৰিল বোলে, আমাৰ আই বোপাই দুইও বুঢ়া তেঁও- বিলাক লৰি সাৰিৰ নোৱাৰে।

 পিতৃ মাতৃৰ প্ৰতি ভক্তিয়ে আন সকলো কথাকে পাহৰালে পিচে সিহঁতে কলে বোলে আমাক যি বিলাকে, জন্ম দিচে আৰু উপজীবৰে পৰা প্ৰতিপাল কৰিচে সিবিলাকত কৈ বৰ বন কি আচে?

 এই বুলি সিহঁতৰ এটাই বাপেকক আৰু এটাই মাকক কান্ধত লৈ অগ্নিৰ মাজেৰে গল; যি২ মানুহে এই ধাৰ্ম্মিক

কৰ্ম্ম দেখিলে সিহঁতে বৰ আচৰিত হল আরু যি বাটেৰে