পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২৩ )


এই কথা শুনি কঁপি মুচ্‌কচ্‌ গল, পিচে অলপ স্বস্ত হৈ সুধিলে বোলে তুমি জম দূতনে? সি উত্তৰ দিলে বোলে হয়, তাতে ৰজাই আকৌ কলে বোলে হে দেও, মোক এদিনলৈ আহৰি দিয়া ময় মোৰ, পাপ ক্ষমা কৰিবলৈ ঈশ্বৰক স্তুতি কৰিম, আৰু যিবোৰ ডকাদি অনা ধন মোৰ ভঁৰালত আচে তাকো ওভোতাই দিম, তেনে কৰিলেহে যেন ময় শাস্তিৰ পৰা ৰক্ষা পাম কিন্তু জমদূতে কলে বোলে তয় যি ইচ্ছা কৰিচ তাক কেকিয়াও সম্পূৰ্ণ কৰিব নোৱাৰ, যেতিয়াই তোৰ জীমনৰ মুৰ পৰিচে ময় তোক কেনেকৈ আহৰি দিম? তাতে ৰজাই কলে বোলে মোক এডাঁৰ বেলিতো অবকাশ দিয়া; জম দূতে কলে বোলে সেই ডাঁৰ বেলি তয় অসাবধান হৈ থাকোতেই গৈচে, যিমান উষাহ কাঢ়িব লাগে তিমান উষাহ তয় সৈচ অকল একেটা হে লবলৈ আচে। এই কথাত ৰজাই সুধিলে বোলে ময় মৰিলে মোৰ লগত কোন জাব? দূতে কলে বোলে পৃথিবীত যি কৰ্ম্ম কৰিচ তাত বাজে তোৰ লগত আন কেৱে নেজাই; ৰজাৰ মনত আরু অধিক সোক লাগি কলে বোলে ময় একো কৰ্ম্ম কৰা নাই; এনেতে জমদূতে তেন্তে তোৰ অনন্ত অগ্নিত হে ঠাই হৰ বুলি তাৰ জীৱক ধৰি লৈ গলত শটো সিংহাসনৰ পৰা বাগৰি মাটিত পৰিল। সেই ৰজাৰ প্ৰজাবোৰৰ মাজত বৰ কন্দা কটি লাগিল আৰু সি গৈ যি মন্ত্ৰণা সহিলে তাল ভু পোৱা হলে সিহঁতৰ বিলাপ অধিক হল হতন।